‘‘কংগ্ৰেছে ১৯৪৭ চনত ভাৰতবৰ্ষক ধৰ্মৰ ভিত্তিত ইষ্ট পাকিস্তান আৰু ৱেষ্ট পাকিস্তানত ভাগ কৰিছিল৷ কংগ্ৰেছে ভাৰতবৰ্ষক পূৰ্বতেই ‘ভাৰত তোড়ো আন্দোলন’ কৰি ভাৰতবৰ্ষখনক দুভাগ কৰি দিছে৷ সেই কংগ্ৰেছে এতিয়া ‘ভাৰত জোড়ো যাত্ৰা’ কৰি নাটক কৰিছে।’’ – এই মন্তব্য হোজাইৰ বিতৰ্কিত প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱৰ৷
দেওবাৰে বৰপেটাৰোডৰ ইক্সন মন্দিৰ দৰ্শন কৰিবলৈ আহি শিলাদিত্য দেৱে কয় - ৰাইজে কংগ্ৰেছৰ ভাৰত জোড়ো আন্দোলনটো গ্ৰহণ কৰা নাই৷ ৰাইজে কংগ্ৰেছক কৈ আছে ‘আপ ভাৰত ছোড়ো’৷ সেয়ে কংগ্ৰেছৰ এই আন্দোলনৰ কোনো মিল দেখা নাই বুলি কয় প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱে৷
শিলাদিত্য দেৱে পুনৰ কয়, মোদীয়ে বিজেপিৰ শাসন চলাই আছে৷ আগন্তক ২০ বছৰ চিন্তা কৰিবলগীয়া নাই৷ বিজেপিয়েই শাসনভাৰ চলাই থাকিব৷
ভাৰতবৰ্ষৰ প্ৰত্যেকজন লোকেই RSSৰ লগত যোগসূত্ৰত থাকিব লাগে, RSSৰ প্ৰশিক্ষণপ্ৰাপ্ত হ’ব লাগে বুলি উল্লেখ কৰি বিশেষ কৈ অসমৰ মানুহে বেছিকৈ RSSৰ লগত জড়িত হ’ব লাগে বুলিও কয় প্ৰাক্তন বিধায়কগৰাকীয়ে ৷
অসমৰ ১১খন জিলা হাতৰ পৰা ওলাই যোৱাৰ কথা উল্লেখ কৰি অসমক শক্তিশালী কৰিবলৈ হ’লে আৰু বাংলাদেশী মুক্ত কৰিবলৈ হ’লে প্ৰতিজন লোকেই RSSৰ ওচৰত যাবই লাগিব বুলিও কয় শিলাদিত্য দেৱে৷
পূৰ্বতে মোগলে তৰোৱালৰ জৰিয়তে হিন্দুসকলক মুছলমানলৈ কনভাৰ্ট কৰিছিল বুলি শিলাদিত্য দেৱে উল্লেখ কৰি কয়, এতিয়া মোগল নাই৷ সেয়ে এতিয়া বেলেগ ছিষ্টেম আৰম্ভ কৰি ডেভেল’প কৰিবলৈ চেষ্টা চলাইছে৷ ভাৰতবৰ্ষৰ ভিন্ন প্ৰান্তত ক’ৰবাত লাভ জেহাদ ক’ৰবাত মাৰ্ডাৰ কৰিছে৷ এইবোৰ দেখাৰ পাছতো যদি হিন্দু সম্প্ৰদায়ৰ যুৱতী আৰু অভিভাৱকসকল সজাগ নহয় তেন্তে সমাজখন শক্তিশালী নহ’ব। সেয়ে ৰামায়ণ–মহাভাৰত–গীতা ধৰ্ম গ্ৰন্থ অধ্যয়ন কৰাৰ খুব প্ৰয়োজন হৈ পৰিছে বুলিও মন্তব্য কৰে শিলাদিত্য দেৱে৷
যিসকল যুৱতীয়ে লাভ জেহাদৰ নামত বাংলাদেশী মুছলমানৰ লগত পলাই যায় সেইসকলক ত্যাগ কৰিবলৈ অভিভাৱক সকলক আহ্বান জনায় শিলাদিত্য দেৱে৷ কিন্তু সমাজে যদি বাংলাদেশী মুছলমানৰ লগত পলাই যোৱা যুৱতীক বিচাৰি বিচাৰি আনি পুনৰ গাখীৰ–ভাত খুৱালে নহ’ব বুলি উল্লেখ কৰি তেনে যুৱতীক সমাজত কোনো স্থান দিব নালাগে আৰু সমাজেও সেই যুৱতী সকলক গ্ৰহণ কৰিব নালাগে বুলিও কয় শিলাদিত্য দেৱে৷
দেশত হিন্দু জাগ্ৰত হৈছে৷ বিজেপিৰ দিনত মাৰ খালেও, গালি পাৰা লোকজনে ভোট বিজেপিকেই দিব বুলিও কয় শিলাদিত দেৱে৷
Published by: Sanjay Kumar Das
FIRST PUBLISHED : November 21, 2022, 07:45 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।