নতুন ৰূপত প্ৰাক্তন কংগ্ৰছী বিধায়ক তথা ন-বিজেপি ৰূপজ্যোতি কৰ্মী। বিশ্বকৰ্মা উপলক্ষে আয়োজন কৰা ভাওনাত অভিনয় কৰে প্ৰাক্তন বিধায়কগৰাকীয়ে। মৰিয়নিৰ দেবেৰাপাৰ চাৰিআলীৰ মেজিক সন্থাৰ উদ্যোগত আয়োজন কৰা দস্যু ৰত্নাকৰৰ মুক্তি লাভ ভাওনাখনত গৰ্গমুনিৰ চৰিত্ৰত অভিনয় কৰিলে ৰূপজ্যোতিয়ে।
![]()
মেজিক ষ্টেণ্ডৰ আয়োজন কৰা ভাওনাখন আগবঢ়াইছিল ৰূপজ্যোতি কুৰ্মীৰ পৰিয়ালে। আৰু ভাওনাখনত নিজে গৰ্গমুনিৰ চৰিত্ৰত অভিনয় কৰে প্ৰাক্তন বিধায়কজনে।
এই সন্দৰ্ভত ৰূপজ্যোতি কুৰ্মীয়ে কয় যে, 'বছৰে বছৰে এই ঠাইত ভাওনা অনুষ্ঠিত কৰা হয় যদিও যোৱা বছৰ কোভিডৰ বাবে ভাওনাখন অনুষ্ঠিত কৰিব পৰা নগ'ল। এইবাৰ আমাৰ পৰিয়ালৰ তৰফৰ পৰা ভাওনাভাগ আগবঢ়োৱা হৈছিল।মই এতিয়ালৈকে ৬ নম্বৰ বাৰ ভাওনাত অভিনয় কৰিছো। এই ভাওনাই সম্প্ৰীতিৰ নিদৰ্শনো দাঙি ধৰিছে।'
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|