অখিল গগৈৰ ন্যায়িক যুঁজৰ বাবে মাতৃৰ হাতত বিশ হাজাৰ টকাৰ চেক দিলে কংগ্ৰেছৰ এইগৰাকী প্ৰাক্তন বিধায়কে

News18 Assam | News18-Assam
Updated:September 6, 2020, 4:24 PM IST
অখিল গগৈৰ ন্যায়িক যুঁজৰ বাবে মাতৃৰ হাতত বিশ হাজাৰ টকাৰ চেক দিলে কংগ্ৰেছৰ এইগৰাকী প্ৰাক্তন বিধায়কে
প্ৰাক্তন বিধায়কগৰাকীয়ে অখিল গগৈক শীঘ্ৰে কাৰগাৰৰ পৰা মুকলি কৰি দিবলৈও চৰকাৰৰ ওচৰত দাবী জনায়।

প্ৰাক্তন বিধায়কগৰাকীয়ে অখিল গগৈক শীঘ্ৰে কাৰগাৰৰ পৰা মুকলি কৰি দিবলৈও চৰকাৰৰ ওচৰত দাবী জনায়।

  • Share this:
'কা'ৰ বিৰুদ্ধে আন্দোলন কৰি ন মাহে কাৰাবন্দী হৈ আছে কৃষক নেতা অখিল গগৈ। এতিয়া অখিল গগৈৰ গৃহলৈ সোঁত বৈছে বিভিন্ন দল–সংগঠনকে ধৰি ৰাজনৈতিক দলৰ বিয়াগোম নেতাৰ পৰা পালি নেতালৈকে। শনিবাৰে কৃষক নেতা অখিল গগৈৰ গৃহত উপস্থিত হয় এসময়ৰ প্ৰতাপী কংগ্ৰেছী নেতা তথা যোৰহাটৰ প্ৰাক্তন বিধায়ক ৰাণা গোস্বামী। প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীয়ে অখিল গগৈৰ মাতৃৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে বিশ হাজাৰ টকাৰ এখন চেক প্ৰদান কৰে পুত্ৰৰ ন্যায়িক যুজঁৰ বাবে।

প্ৰাক্তন বিধায়কগৰাকীয়ে এই ধনৰাশি নিজৰ পৰিয়ালৰ তৰফৰ পৰা অখিল গগৈৰ মাতৃক প্ৰদান কৰা বুলি প্ৰকাশ কৰে। আনহাতে, বিধায়কগৰাকীয়ে সাংবাদিকৰ আগত কয় যে, অখিল গগৈৰ লগত বিজেপি চৰকাৰে অন্যায় কৰিছে। কংগ্ৰেছ চৰকাৰৰ শাসন কালতো অখিল গগৈয়ে ৰাইজৰ স্বাৰ্থত প্ৰতিবাদ কৰিছিল কিন্ত বিজেপি চৰকাৰৰ দৰে ইটোৰ পিছত সিটো গোচৰ জাপি দি ষড়যন্তমুলক ভাৱে দীৰ্ঘদিন এনেদৰে বন্দী কৰি ৰখা নাছিল কৃষক নেতাগৰাকীক।

প্ৰাক্তন বিধায়কগৰাকীয়ে অখিল গগৈক শীঘ্ৰে কাৰগাৰৰ পৰা মুকলি কৰি দিবলৈও চৰকাৰৰ ওচৰত দাবী জনায়। ৰাণা গোস্বামীয়ে বিজেপি চৰকাৰক শাসনৰ গাদীৰ পৰা উৎখাত কৰা স্বাৰ্থতে এ আই ইউ ডি এফৰ লগতে আন দলসমূহৰ লগতো মহাজোট বন্ধনৰ প্ৰয়োজন বুলি ব্যক্ত কৰে।
Published by: Sanjay Kumar Das
First published: September 6, 2020, 4:23 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading