• Home
  • »
  • News
  • »
  • assam
  • »
  • AIUDFৰ পৰা পদত্যাগ প্ৰাক্তন বিধায়ক মামুন ইমদাদুল হক চৌধুৰীৰ

AIUDFৰ পৰা পদত্যাগ প্ৰাক্তন বিধায়ক মামুন ইমদাদুল হক চৌধুৰীৰ

বিগত বিধানসভা নিৰ্বাচনত দলীয় টিকটৰ পৰা বঞ্চিত হৈছিল মামুন ইমদাদুল হক চৌধুৰী।

বিগত বিধানসভা নিৰ্বাচনত দলীয় টিকটৰ পৰা বঞ্চিত হৈছিল মামুন ইমদাদুল হক চৌধুৰী।

বিগত বিধানসভা নিৰ্বাচনত দলীয় টিকটৰ পৰা বঞ্চিত হৈছিল মামুন ইমদাদুল হক চৌধুৰী।

  • Share this:
AIUDFৰ পৰা পদত্যাগ কৰিছে নাওবৈচা সমষ্টিৰ প্ৰাক্তন বিধায়ক মামুন ইমদাদুল হক চৌধুৰীয়ে। AIUDFৰ কেন্দ্ৰীয় সমিতিৰ সাঃ সম্পাদক আৰু প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ মামুন ইমদাদুল হক চৌধুৰীৰ। গৰুখুঁটিৰ ঘটনাত মাত মাতিবলৈ AIUDFৰ সভাপতি মৌলানা বদৰুদ্দিন আজমল আৰু বিধায়কৰ সময় নাই বুলি কয় মামুন ইমদাদুল হক চৌধুৰীয়ে। উল্লেখযোগ্য যে বিগত বিধানসভা নিৰ্বাচনত দলীয় টিকটৰ পৰা বঞ্চিত হৈছিল মামুন ইমদাদুল হক চৌধুৰী।

পদত্যাগ পত্ৰত মামুন ইমদাদুল হক চৌধুৰীয়ে লিখিছে, ‘‘গৰুখুঁটিৰ ঘটনাক লৈ দল সাংঘাতিক ধৰণে নীৰৱ। মুখ্যমন্ত্ৰীয়ে চৰকাৰৰ স্থিতি স্পষ্ট কৰাৰ সময় পায়। APCCৰ সভাপতিয়ে তেওঁলোকৰ দলৰ স্থিতি স্পষ্ট কৰিবলৈ সময় পায়। প্ৰায় প্ৰতিটো দল-সংগঠনেই তেওঁলোকৰ নিজ নিজ স্থিতি প্ৰকাশ কৰিবলৈ সময় পায়। কিন্তু, আপুনি ইমানেই ব্যস্ত যে মানুহৰ এই বিপদ কালত আপোনাৰ স্থিতি কি সেই সম্পৰ্কে জনাবলৈ আপোনাৰ আহৰি নাই। সাধাৰণ মানুহৰ এই চৰম বিপদৰ মুহূৰ্তত দলৰ এনে ভাবিব নোৱাৰা নীৰৱতা মোৰ দৰে এজন সাধাৰণ মানুহৰ পক্ষে সহ্য কৰাৰ বাহিৰত। মোৰ অন্তৰাত্মাই আৰু এই দল কৰাৰ অনুমতি নিদিয়ে।’’

‘‘আমাৰ নিৰ্মোহ আত্মবিশ্লেষণৰ প্ৰয়োজন আছে - সভাপতি চাহাব! আকৌ কৈছো, নিৰ্মোহ আত্মবিশ্লেষণৰ প্ৰয়োজন। যিটো আপুনি কোনোদিনেই নকৰে। অন্ততঃ বিগত ডেৰ দশকৰ অভিজ্ঞতাই আমাক তাকেই কয়। সেয়ে, এই পত্ৰৰ যোগেদি মই দলৰ সাধাৰণ সম্পাদক পদৰ লগতে প্ৰাথমিক সদস্য পদৰ পৰাও পদত্যাগ কৰিছো। আজিৰ পৰা আৰু দলৰ সৈতে মোৰ কোনো ধৰণৰ সম্পৰ্ক নাথাকিব।’’ – পত্ৰত উল্লেখ কৰে মামুন ইমদাদুল হক চৌধুৰীয়ে।
Published by:Sanjay Kumar Das
First published: