‘আজমলক বিশ্বাস কৰিব নোৱাৰি, শেষ মুহূৰ্তত ঠগিব কংগ্ৰেছক’ – ভৱিষ্যদ্বাণী কংগ্ৰেছৰ একাংশ সংখ্যালঘু নেতাৰ

News18 Assam | News18-Assam
Updated:September 17, 2020, 4:49 PM IST
‘আজমলক বিশ্বাস কৰিব নোৱাৰি, শেষ মুহূৰ্তত ঠগিব কংগ্ৰেছক’ – ভৱিষ্যদ্বাণী কংগ্ৰেছৰ একাংশ সংখ্যালঘু নেতাৰ
মিত্ৰতা নালাগে বুলি নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ অধ্যক্ষ ছোনিয়া গান্ধীলৈ পত্ৰও প্ৰেৰণ কৰিছে মহিবুল হক, আলী আকবৰ মিঞা আৰু ইদ্ৰিছ আলীয়ে।

মিত্ৰতা নালাগে বুলি নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ অধ্যক্ষ ছোনিয়া গান্ধীলৈ পত্ৰও প্ৰেৰণ কৰিছে মহিবুল হক, আলী আকবৰ মিঞা আৰু ইদ্ৰিছ আলীয়ে।

  • News18 Assam
  • Last Updated: September 17, 2020, 4:49 PM IST
  • Share this:
এআইইউডিএফৰ সৈতে মিত্ৰতা বিচৰা নাই কংগ্ৰেছৰ একাংশ সংখ্যালঘু নেতাই। এইক্ষেত্ৰত মিত্ৰতা নিবিচৰা সংখ্যালঘু গ্ৰুপটোক নেতৃত্ব দিছে গৌৰীপুৰ সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছী বিধায়ক তথা প্ৰাক্তন ৰাজ্যিক শক্তি মন্ত্ৰী মহিবুল হকে। নামনি অসমৰ কংগ্ৰেছৰ সংখ্যালঘু নেতা মহিবুল হকে বৃহস্পতিবাৰে আন দুগৰাকী প্ৰাক্তন বিধায়ক ক্ৰমে আলী আকবৰ মিঞা আৰু ইদ্ৰিছ আলীক লগতলৈ গুৱাহাটীত এক সংবাদ মেল অনুষ্ঠিত কৰে।

সংবাদমেলত পুনৰবাৰ বিৰোধিতা কৰে প্ৰস্তাৱিত কংগ্ৰেছ আৰু এআইইউডিএফৰ মিত্ৰতাৰ প্ৰসংগক। মহিবুল হকৰ মতে বদৰুদ্দিন আজমলক বিশ্বাস কৰিব নোৱাৰি। তেওঁ শেষ মুহূৰ্তত কংগ্ৰেছক ঠগিব বুলিও সংবাদ মেলত ভৱিষ্যদ্বাণী কৰে মহিবুল হকে। এইক্ষেত্ৰত মিত্ৰতা নালাগে বুলি নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ অধ্যক্ষ ছোনিয়া গান্ধীলৈ পত্ৰও প্ৰেৰণ কৰিছে মহিবুল হক, আলী আকবৰ মিঞা আৰু ইদ্ৰিছ আলীয়ে।

এই তিনিওগৰাকী নেতাই মিত্ৰতাক বিৰোধিতা কৰা সম্পৰ্কত তেওঁলোকক উভতি ধৰে দলৰেই আন একাংশ জ্যেষ্ঠ সংখ্যালঘু নেতাই। আগন্তুক ২০২১ চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ-AIUDFৰ মিত্ৰতা হ'লে সংবাদ মেল দি মিত্ৰতাক বিৰোধিতা কৰা এইসকল কংগ্ৰেছৰ প্ৰাক্তন বিধায়কৰ ৰাজনৈতিক ভবিষ্যত্‍ শেষ হৈ যাব বুলি মহিবুল হক পন্থীক সমালোচনা কৰিছিল আন বহু কংগ্ৰেছৰ বিধায়কে।
Published by: Sanjay Kumar Das
First published: September 17, 2020, 4:49 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading