• Home
  • »
  • News
  • »
  • assam
  • »
  • By Election in Assam : চণ্ডী আৰু ইমানুৱেলে জংক-পংক কৰিলে UPPLৰ অংক, তামুলপুৰত নিৰ্দলীয় ৰূপে খেলিব উপ নিৰ্বাচন

By Election in Assam : চণ্ডী আৰু ইমানুৱেলে জংক-পংক কৰিলে UPPLৰ অংক, তামুলপুৰত নিৰ্দলীয় ৰূপে খেলিব উপ নিৰ্বাচন

By Election in Assam : তামুলপুৰত উপ নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু  ইমানুৱেল মুছাহাৰী আৰু চণ্ডী বসুমতাৰীয়ে ৭ অক্টোবৰত মনোনোয়ন পত্ৰ দাখিল কৰিব।

  • Share this:
৩০ অক্টোবৰত অন্যান্য চাৰিটা সমষ্টিৰ লগতে ৫৮ নং তামুলপুৰ (Tamulpur) বিধান সভা সমষ্টিটো অনুষ্ঠিত হ'ব অসম বিধান সভাৰ উপ নিৰ্বাচন (By Election) । UPPLৰ বিধায়ক লেহৰাম বড়োৰ মৃত্যুত খালী হোৱা আসনখনৰ বাবে শাসকীয় মিত্ৰজোঁটৰ UPPL প্ৰাৰ্থী হিচাপে জলেন দৈমাৰীৰ নাম দলে ঘোষণা কৰিছে। এই সময়তে ইউ পি পি এলক প্ৰত্যাহৱান জনাবলৈ সাজু হৈছে সমষ্টিটোৰ দুই প্ৰাক্তন বিধায়ক ইমানুৱেল মুছাহাৰী (Imanuel Mushahary) আৰু চণ্ডী বসুমতাৰী (Chandi Basumatary)।

তামুলপুৰ সমষ্টিত ইমানুৱেল মুছাহাৰী আৰু চণ্ডী বসুমতাৰীয়ে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু হৈছে। সমষ্টিটোৰ দুয়োগৰাকী শক্তিশালী নেতাই ৭ অক্টোবৰত মনোনোয়ন পত্ৰ দাখিল কৰিব।

উল্লেখযোগ্য যে ২০০৬ চনত চণ্ডী বসুমতাৰীয়ে BPFৰ সেই সময়ৰ বিধায়ক বিশ্বজিৎ দৈমাৰীক পৰাজিত কৰি বিধান সভালৈ নিৰ্বাচিত হৈছিল।

ইফালে ইমানুৱেল মুছাহাৰীয়ে ২০১১ আৰু ২০১৬ চনত BPF দলৰ টিকটত একেৰাহে দুবাৰ বিধান সভালৈ নিৰ্বাচিত হৈছিল। পিছলৈ ইমানুৱেল মুছাহাৰীয়ে বিপিএফ ত্যাগ কৰি বিজেপিত যোগ দিছিল যদিও ২০২১ চনৰ নিৰ্বাচনত দলীয় টিকট লাভত ব্যৰ্থ হৈছিল। এইবাৰো বিজেপিয়ে তামুলপুৰ আসনখন ইউ পি পি এলক এৰি দিয়াত ইমানুৱেল মুছাহাৰী য়ে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ সিদ্ধান্ত লয়।

ইমানুৱেল মুছাহাৰী আৰু চণ্ডী বসুমতাৰীয়ে মনোনোয়ন পত্ৰ দাখিল কৰিবলৈ সাজু হোৱা খবৰে বিশেষ তাৎপৰ্য বহন কৰিছে BTRৰ সমষ্টিটোত।
Published by:Manjumoni Borah
First published: