• Home
  • »
  • News
  • »
  • assam
  • »
  • ‘উপ–নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ছয়টা সমষ্টিতে বিধায়ক নিৰ্বাচিত কৰাৰ অভিজ্ঞতা আছে অগপৰ, সেই অগপ এতিয়া গভীৰ নিদ্ৰাত’

‘উপ–নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ছয়টা সমষ্টিতে বিধায়ক নিৰ্বাচিত কৰাৰ অভিজ্ঞতা আছে অগপৰ, সেই অগপ এতিয়া গভীৰ নিদ্ৰাত’

অগপ দলৰ এই দুৰ্বল স্থিতিত মনত দুখ অনুভৱ কৰিছে থাওৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক মন্ত্ৰী বাৰ্কি প্ৰসাদ তেলেংগাই।

অগপ দলৰ এই দুৰ্বল স্থিতিত মনত দুখ অনুভৱ কৰিছে থাওৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক মন্ত্ৰী বাৰ্কি প্ৰসাদ তেলেংগাই।

অগপ দলৰ এই দুৰ্বল স্থিতিত মনত দুখ অনুভৱ কৰিছে থাওৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক মন্ত্ৰী বাৰ্কি প্ৰসাদ তেলেংগাই।

  • Share this:
সন্মুখত অসম বিধান সভাৰ উপ–নিৰ্বাচন। ছয়টা সমষ্টিৰ উপ–নিৰ্বাচনক লৈ ব্যস্ত শাসক–বিৰোধী কিন্তু, মৌন মাথোঁ অসম গণ পৰিষদ দল। যিটো দলে পূৰ্বতে ছয়োটা সমষ্টিতে বিধায়ক নিৰ্বাচিত কৰাৰ অভিজ্ঞতা আছে। অগপ দলৰ এই দুৰ্বল স্থিতিত মনত দুখ অনুভৱ কৰিছে থাওৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক মন্ত্ৰী বাৰ্কি প্ৰসাদ তেলেংগাই।

ইতিমধ্যে ছয়টা সমষ্টিৰ পাঁচটাত অধিসূচনা জাৰি কৰিছে নিৰ্বাচন আয়োগে। ৩০ অক্টোবৰত গোসাঁইগাঁও, ভৱানীপুৰ, তামুলপুৰ, মৰিয়নী আৰু থাওৰা সমষ্টিত অনুষ্ঠিত হ’ব বিধান সভাৰ উপ–নিৰ্বাচন। মাজুলী সমষ্টিৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিবলৈ বাকী আছে। এই সময়ত উপ নিৰ্বাচনৰ উষ্ণ বতাহ বলি থকাৰ সময়তো ৰহস্যজনকভাৱে মৌনতা অৱলম্বন কৰিছে আঞ্চলিক দল অসম গণ পৰিষদে। যিটো দলেই শাসকীয় পক্ষত একমাত্ৰ দল হিচাপে ছয়টা সমষ্টিতে পূৰ্বতে বিধায়ক জয় কৰাইছিল।

সেয়ে নহয়, ভৱানীপুৰ সমষ্টিত অগপই চাৰিবাৰ জয় হৈছিল। সমষ্টিটোৰ পৰা কেবিনেট মন্ত্ৰী হৈছিল সুৰেন্দ্ৰ নাথ মেধি, বিধায়ক হৈছিল মনোৰঞ্জন দাসো। মাজুলী সমষ্টিটোতো চাৰিবাৰ জয় হৈছিল অগপ প্ৰাৰ্থী। মাজুলীৰ অগপ বিধায়ক পদ্মেশ্বৰ দলে মন্ত্ৰীও হৈছিল। তাতেই অগপৰ টিকটত বিধায়ক হৈছিল কৰুণা দত্ত আৰু যোগেশ্বৰ দলে। গোসাঁইগাঁৱৰ ৰাজেন মুছাহাৰী আৰু থাওৰাৰ বাৰ্কি প্ৰসাদ তেলেংগাই অগপ বিধায়ক হৈ পাইছিল মন্ত্ৰিত্বৰ সোৱাদ।

তামুলপুৰত ভৱেন নাৰ্জাৰী আৰু মৰিয়নীত নৰেন তাঁতী অগপৰ বিধায়ক আছিল। এসময়ৰ শক্তিশালী এই আঞ্চলিক দলটোৰ আজিৰ দুৰ্বল স্থিতিত মনত দুখ অনুভৱ কৰিছে থাওৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক বাৰ্কি প্ৰসাদ তেলেংগাই। শাসকীয় দল বিজেপিৰ লক্ষ্য ৬৪খন আসন। ৬৪ আসন হ’লেই বিপদত পৰিব অগপ আৰু ইউপিপিএল। এই ভবিষ্যৎবাণী কৰিছে বাৰ্কি প্ৰসাদ তেলেংগাই। ছয়টা সমষ্টিৰ ভিতৰত বিগত নিৰ্বাচনত ভৱানীপুৰত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই কম ভোটত পৰাজিত হৈছিল অগপ প্ৰাৰ্থী ৰঞ্জিত ডেকাই। সেই সমষ্টিটোও অগপ নেতৃত্বই বিচাৰিবলৈ সাহস নকৰাত ক্ষোভিত হৈছে আঞ্চলিক দলটোৰ তৃণমূল কৰ্মী।
Published by:Sanjay Kumar Das
First published: