৬ দিন পূৰ্বে এই কোৱাৰেণ্টাইন চেণ্টাৰতে থকা জামাতৰ পৰা ওভতা নজৰুল ইছলামৰ দেহত কোভিড–১৯ পজিটিভ পোৱা গৈছিল।
৬ দিন পূৰ্বে এই কোৱাৰেণ্টাইন চেণ্টাৰতে থকা জামাতৰ পৰা ওভতা নজৰুল ইছলামৰ দেহত কোভিড–১৯ পজিটিভ পোৱা গৈছিল।
কোৰোণাৰ প্ৰকোপৰ মাজতে প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদে ৰাজনৈতিক কাৰণত বিভিন্ন ঠাইত গৈ নিজৰ ভোটাৰৰ খবৰ লৈ থকাৰ অভিযোগ উত্থাপন হৈছে। বৃহস্পতিবাৰে জামাতীক লগ ধৰিবলৈ গৈ প্ৰাক্তন মন্ত্ৰীগৰাকী উপস্থিত হ’ল কচুৱাধাম কোৱাৰেণ্টাইন চেণ্টাৰত। নিজামুদ্দিনৰ পৰা উভতা ১১ গৰাকী জামাতী এতিয়াও আছে কৰিমগঞ্জৰ এই কচুৱাধাম কোৱাৰেণ্টাইন চেণ্টাৰত।
৬ দিন পূৰ্বে এই কোৱাৰেণ্টাইন চেণ্টাৰতে থকা জামাতৰ পৰা ওভতা নজৰুল ইছলামৰ দেহত কোভিড–১৯ পজিটিভ পোৱা গৈছিল। কিন্তু এনে ভাবুকিকো নেওচি প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰীগৰাকী উপস্থিত হ’ল এই চেণ্টাৰত। লগত গৈছিল এগৰাকী কলেজ প্ৰবক্তাসহ আন কেইবাজনো কংগ্ৰেছ কৰ্মী।
ইয়াৰ পাছতেই তৎপৰ হৈ পৰে কৰিমগঞ্জ প্ৰশাসন। নিলামবজাৰ চক্ৰ বিষয়াসহ কাৰ্যালয়ৰ কৰ্মীৰ লগতে এটা মেডিকেল টীম গৈ ছিদ্দিক আহমেদৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে হোম কোৱাৰেণ্টাইনত থকাৰ নিৰ্দেশ দিয়ে। উল্লেখ্য, মেডিকেল টীমত থকা চিকিৎসকগৰাকী আছিল তেওঁৰ নিজৰে জীয়ৰী ছুমাইয়া পাৰভিন চুলতানা। নিজ জীয়ৰীৰ পৰামৰ্শমতেই ২৮ দিনলৈকে হোম কোৱাৰেণ্টাইনত থাকিব লাগিব ছিদ্দিক আহমেদ। তেওঁৰ দেহৰক্ষীকো হোম কোৱাৰেণ্টাইনত থকাৰ পৰামৰ্শ দিয়া হৈছে। লগত যোৱা লোকসকলকো কোৱাৰেণ্টাইনত ৰখাৰ বাবে অনুসন্ধান অব্যাহত ৰাখিছে প্ৰশাসনে।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|