News18 AssamNews18 Assam
|
News18-Assam Updated:December 20, 2019, 8:10 PM IST
Source-Google
সততে মুছলমানক আক্ৰমণৰ লক্ষ্য কৰি লোৱা বুলি হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি একালৰ সতীৰ্থ মন্ত্ৰী ৰকিবুল হুছেইনে ক’লে, ‘হিমন্তৰ সৈতে সম্পৰ্ক আছে বহু মুছলমানৰ’।
নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বৰ্তমান উত্তপ্ত হৈ আছে সমগ্ৰ ৰাজ্য। কিছুসংখ্যকে নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ গইনালৈ হিংসাত্মক কাৰ্যকলাপ সংঘটিত কাৰাৰো বিভিন্ন তথ্য পোহৰলৈ আহিছে। ৰাজ্যৰ শেহতীয়া হিংসাত্মক কাৰ্যকলাপত গোৱালপাৰা, বৰপেটা আৰু নলবাৰীৰ বহু মুছলমান যুৱক জড়িত থকা বুলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অনা অভিযোগৰ বিৰুদ্ধে গৰজি উঠিল প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন।
হিমন্ত বিশ্ব শৰ্মাৰ সৈতে সম্পৰ্ক থকা মুছলমান ব্যক্তিৰ তালিকা সংবাদ মাধ্যমৰ সন্মুখত দাঙি ধৰি ৰকিবুল হুছেইনে আক্ৰমণৰ লক্ষ্য কৰি লয় বিজেপিৰ কিষাণ মৰ্চাৰ সচিব তথা সংখ্যালঘূ উন্নয়ন বিভাগৰ বিত্ত সঞ্চালক গোৱালপাৰাৰ যুৱনেতা ৰহিম জিব্ৰানক। প্ৰাক্তন মন্ত্ৰী জনে ৰহিম জিব্ৰানৰ নামটো এবাৰ ‘জিংৰাং’ আৰু এবাৰ ‘জেংৰাং’ বুলি উচ্চাৰণ কৰি স্বভাৱসূলভ হাঁহিৰে তাচ্ছিল্য কৰাও দেখা গ'ল। আনহাতে ৰহিম জিব্ৰানৰ ওপৰিও কেনা খান, বাহাৰুল ইছলাম আৰু চালমা জেছমিনকো হিমন্তৰ ঘণিষ্ঠ বুলি অভিহিত কৰে ৰকিবুল হুছেইনে।

ৰকিবুলে আক্ৰমণৰ লক্ষ্য কৰি লোৱা সংখ্যালঘূ বিজেপি নেতা ৰহিম জিব্ৰান।
আনহাতে নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত কংগ্ৰেছৰ স্থিতি কি বুলি ৰকিবুল হুছেইনক প্ৰশ্ন কৰাত প্ৰাক্তন মন্ত্ৰীজনে সাংবাদিকক কয় যে, ‘২০২১ চনত বিজেপিক ওফৰাই ক্ষমতাত অধিষ্ঠিত হোৱাৰ পিছত আমাৰ প্ৰধান কাম হ'ব "কা" বাতিল কৰা। সেয়ে "কা" বিৰোধী শক্তিসমূহ একগোট হ'ব লাগিব।’ ৰাজ্যৰ শেহতীয়া হিংসাত্মক কাৰ্যাৱলীৰ লগত কংগ্ৰেছ জড়িত নহয় বুলি মন্তব্য কৰি প্ৰাক্তন মন্ত্ৰীজনে লগতে কয় যে হিমন্ত বিশ্ব শৰ্মাই বৰ্তমান এটা সম্প্ৰদায়ৰ প্ৰতি চৰম অপমানসূচক মন্তব্য কৰিছে। লগতে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আৰু জনতা ভৱনৰ সন্মুখত আক্ৰমণ চলোৱা সকল কংগ্ৰেছ কৰ্মী নহয় বুলি উল্লেখ কৰে ৰকিবুল হুছেইনে।