কোৰোণাত আক্ৰান্ত চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইন, পত্নীৰ দেহতো পোৱা গ’ল কোৰোণাৰ অৱস্থিতি

News18 Assam | News18-Assam
Updated:August 2, 2020, 7:26 PM IST
কোৰোণাত আক্ৰান্ত চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইন, পত্নীৰ দেহতো পোৱা গ’ল কোৰোণাৰ অৱস্থিতি

  • Share this:
কোৰোণাত আক্ৰান্ত হ'ল প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন। ৰকিবুল হুছেইনৰ পত্নী নাজনীন আখতাৰৰ দেহতো পোৱা গ'ল ক'ৰোণা ভাইৰাছৰ উপস্থিতি। নগাঁও জিলা স্বাস্থ্য বিভাগৰ এটা দলে আজি নগাঁও চহৰৰ ঢাকাইপট্টিৰ নিজ বাসভৱনত ৰেপিড এণ্টিজেন টেষ্টৰ জৰিয়তে ধৰা পেলাই প্ৰাক্তন মন্ত্ৰীজনৰ দেহত কোৰোণা।

কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীৰ লগতে তেঁওৰ পত্নী আৰু এগৰাকী সম্পৰ্কীয় ভতিজাকৰ দেহত ধৰা পৰে কোৰোণাৰ সংক্ৰমণ। অৱশ্যে কি উৎসৰ পৰা ৰকিবুলৰ দেহলৈ কোৰোণাৰ সংক্ৰমণ ঘটিল সেই বিষয়ে এতিয়াও কোনো তথ্য লাভ কৰা নাই স্বাস্থ্য বিভাগে। আনহাতে শীঘ্ৰেই ৰকিবুলৰ সংস্পৰ্শলৈ অহা আন বহু কংগ্ৰেছ নেতাকো কৰা হ'ব ৰেপিড এণ্টিজেন টেষ্ট। কাৰণ বিগত সপ্তাহটোত দলীয় কৰ্মী সকলৰ সৈতে নগাঁও জিলাত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল ৰকিবুল হুছেইনে।

আনহাতে কোভিড১৯ত আক্ৰান্ত হৈ মৃত্যুক সাৱটি ল'লে গোলোক শৰ্মা(৮৫) নামৰ এগৰাকী ব্যক্তিয়ে। নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি হৈ থকা মৃত ব্যক্তিগৰাকীৰ ঘৰ নগাঁৱৰ মাজপাঠৰিত বুলি জানিব পৰা গৈছে।
Published by: Himangshu Bhuyan
First published: August 2, 2020, 7:26 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading