'চৰকাৰ তথা মুখ্যমন্ত্ৰীৰ বাবেই এইবাৰ ৰাইজে উৰুকাত মাছ খাবলৈ নাপালে'-মন্তব্য ৰকিবুল হুছেইনৰ

এই মন্তব্য প্ৰাক্তন মন্ত্ৰী তথা চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইনৰ।
এই মন্তব্য প্ৰাক্তন মন্ত্ৰী তথা চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইনৰ।
- News18 Assam
- Last Updated: January 22, 2021, 9:20 PM IST
আজি কৃষক আইন আৰু মুল্যবৃদ্ধিৰ বিৰুদ্ধে নগাঁৱত অৰ্ধশতাধিক কংগ্ৰেছীয়ে উলিওৱা চাইকেল ৰেলী আৰু ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰি ৰকিবুলে কঠোৰ সমালোচনা কৰে ৰাজ্য চৰকাৰ আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক। ৰকিবুল হুছেইনে নিজৰ ভাষণত কয়, "এইখন চৰকাৰৰ বাবেই এইবাৰ উৰুকাত ৰাইজে মাছ কিনিব নোৱাৰিলে। কাৰণ চৰকাৰে ৰাইজৰ ধন অপচয় কৰিছে। মুখ্যমন্ত্ৰীয়ে উৰাজাহাজত উঠি ৰাইজৰ ধন অপচয় কৰিছে। সেয়ে ৰাইজে এইবাৰ উৰুকাত মাছ খাবলৈকো নাপালে।"
ৰকিবুলে লগতে কয়, ২০২১ৰ নিৰ্বাচনত বিজেপিৰ অপশাসন ওফৰাই কংগ্ৰেছ-এআইইউডিএফ নেতৃত্বাধীন মহাজোঁটে চৰকাৰ গঠন কৰাটো নিশ্চিত। সেয়েহে কৰ্মীসকলক নিৰাশ ন'হবলৈ কংগ্ৰেছৰ বিধায়কগৰাকীয়ে আহ্বান জনায়।