বিগত বিধানসভাৰ নিৰ্বাচনত চৰম বিপৰ্যয়ৰ পিছত এতিয়া মহাজোঁটত লাগিছে মহাজঁট৷ মহাজোঁটৰ সংবাদমেলত BPF উপস্থিত নথকাৰ পিছত BPFৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰিহণ দৈমাৰীয়ে মহাজোঁটৰ পৰা দলক আঁতৰি আহি চৰকাৰক সহযোগ কৰিব লাগে বুলি মন্তব্য কৰিছে৷ লগতে মহাজোঁট নেৰিলে ৰিহণ দৈমাৰীয়ে দল ত্যাগ কৰিব বুলিও ঘোষণা কৰিলে৷
বিধানসভাৰ নিৰ্বাচনৰ পিছতে এতিয়া লাগিছে কেণা৷ মহাজোঁট গৈ যেন হৈছে মহাজঁট৷ দিছপুৰ দখলৰ স্বপ্নৰে কংগ্ৰেছ-AIUDFৰ নেতৃত্বত গঠিত মহাজোঁটৰ অংশ হৈছিল হাগ্ৰামা মহিলাৰীৰ নেতৃত্বাধীন BPF৷ কিন্তু নিৰ্বাচনত শোচনীয় পৰাজয়ৰ পিছত BPFৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰিহণ দৈমাৰীয়ে দেওবাৰে News18ক ক'লে- “মহাজোঁটৰ বাবেই BPF সীমাবদ্ধ হৈ থাকিবলগীয়া হ'ল চাৰিখন আসনত৷ মহাজোঁটৰ অংশ হোৱাৰ বাবেই ময়ো পৰাজয় বৰণ কৰিবলগীয়া হ'ল৷ মই আগতেই মহাজোঁটৰ অংশীদাৰ হোৱাত বিৰোধিতা কৰিছিলোঁ৷ আমি অকলে নিৰ্বাচন খেলাহেঁতেনো আঠখন আসন পালোহেঁতেন৷”
এতিয়া আৰু মহাজোঁটত থাকি আৰু লাভ নাই৷ মহাজোঁট এৰিব লাগে BPF–এ৷ দেওবাৰে News18ৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত এই কথা ক'লে ৰিহণ দৈমাৰীয়ে৷ লগতে ক'লে- “এতিয়া চৰকাৰক সহযোগ কৰাৰ সময়৷ মহাজোঁটত থাকি বিৰোধী আসনত বহি থকাৰ সময় নহয়৷ BPFয়ে BTC অঞ্চলৰ উন্নয়ন সাধনৰ বাবে কাম কৰি আহিছে৷ সেয়ে এতিয়া আমি চৰকাৰক সহযোগিতা কৰি BTC অঞ্চলৰ উন্নতি সাধন কৰিব লাগে৷”
নিৰ্বাচনত BPFৰ পৰাজয়ৰ কাৰণ ব্যাখ্যা কৰি প্ৰাক্তন মন্ত্ৰী ৰিহণ দৈমাৰীয়ে ক'লে- “মহাজোঁট ত্যাগ কৰা উচিত BPF–এ৷ এই বিষয়ত মই হাগ্ৰামা মহিলাৰীক লগ পালে ক’ম৷ দলৰ বৈঠক হ'লে মই কথাবোৰ উলিয়াম৷ যদি দলে মহাজোঁট ত্যাগ নকৰে তেন্তে মই নিজে দল ত্যাগ কৰিম৷ বিশ বছৰ মই ৰাজনীতি কৰি আহিছোঁ আৰু ৰাজনীতিৰ স্বাৰ্থত মই প্ৰয়োজনত নিৰ্দলীয় হিচাপে নিৰ্বাচন খেলিবলৈও সাজু আছোঁ৷”
ইপিনে BJPৰ ৰাজ্যিক সভাপতি হিচাপে নিযুক্তি লাভ কৰা ভৱেশ কলিতায়ো মহাজোঁটক মহাজঁট আখ্যা দিলে দেওবাৰে৷ ভৱেশ কলিতাই ক'লে- “মই আগতেই কৈছিলোঁ যে মহাজোঁট নহয় এয়া মহাজঁটহে বুলি ৷ এতিয়া মহাজোঁটক ডিভ’ৰ্চ দিলে BPF–এ৷”
কেৱল BPF নেতা বা BJPৰ নেতাই নহয়; মহাজোঁটক লৈ কৌশলী মন্তব্য কৰিলে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই৷ শইকীয়াই কৈয়ে দিলে- “মহাজোঁটত BPF আছে নে নাই মই নাজানোঁ৷ এই কথা আমাৰ সভাপতি ৰিপুণ বৰাইহে জানিব৷”
মুঠতে এতিয়া মহাজোঁটত লাগিছে মহাজঁট৷ এই জঁট খুলিবনে নাই ক'ব নোৱাৰি৷ BPF মূৰব্বী হাগ্ৰামা মহিলাৰীয়ে অৱশ্যে এই পৰ্যন্ত কৰা নাই কোনো মন্তব্য৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|