உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ‘বিজেপি চৰকাৰৰ আমোলত পাপ বাঢ়িছে, ২০২১ত অসমত জন্ম ল'ব নতুন মহাপুৰুষে’

    ‘বিজেপি চৰকাৰৰ আমোলত পাপ বাঢ়িছে, ২০২১ত অসমত জন্ম ল'ব নতুন মহাপুৰুষে’

    এমুঠি সাহায্যৰ বাবেই বানাক্ৰান্তক এনে আচৰণ কৰা কাৰ্যক সকলোৱে সমালোচনা কৰিছে।

    এমুঠি সাহায্যৰ বাবেই বানাক্ৰান্তক এনে আচৰণ কৰা কাৰ্যক সকলোৱে সমালোচনা কৰিছে।

    এমুঠি সাহায্যৰ বাবেই বানাক্ৰান্তক এনে আচৰণ কৰা কাৰ্যক সকলোৱে সমালোচনা কৰিছে।

    • Share this:
    বানসাহায্য বিলাবলৈ গৈ বানাক্ৰান্ত মহিলাক একাঁঠু পানীত শাৰী পতোৱা কাৰ্যৰ বাবে সামাজিক মাধ্যমত কটু সমালোচনাৰ সন্মুখীন হৈছে ৰকিবুল হুছেইন। বৃহস্পতিবাৰৰ দিনটোত কামপুৰৰ দৰঙিয়াল গাঁৱত বানাক্ৰান্ত ৰাইজক সাহায্য বিতৰণ কৰিবলৈ গৈছিল সমৰ্থকসহ প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক ৰকিবুল হুছেইন। প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে বানাক্ৰান্ত ৰাইজৰ সমস্যাৰ বুজ লোৱাৰ লগতে গাঁওখনৰ বানাক্ৰান্তসকলৰ মাজত মাস্ক আৰু সাহায্য সামগ্ৰীও বিতৰণ কৰিছিল। কিন্তু প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে নিজে ওখ ঠাইত ৰৈ বানাক্ৰান্ত ৰাইজক একাঁঠু পানীত থিয় কৰাই সাহায্য বিলোৱা দৃশ্যাংশ ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ লগে লগে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

    এমুঠি সাহায্যৰ বাবেই বানাক্ৰান্তক এনে আচৰণ কৰা কাৰ্যক সকলোৱে সমালোচনা কৰিছে। একাংশই ছচিয়েল মিডিয়াত এয়া বানপানীৰ নামত নিকৃষ্ট ৰাজনীতি বুলিও মন্তব্য কৰিছে। উল্লেখযোগ্য যে এইবাৰৰ বানত নগাঁও জিলাৰ লক্ষাধিক লো গৃহহীন হোৱাৰ লগতে বহু হাজাৰ বিঘা কৃষিভূমিও নষ্ট হৈছে। ইপিনে  নগাঁও জিলা প্ৰশাসনে বানক্ৰান্তক উচিত সাহায্য প্ৰদান নকৰাৰো অভিযোগ উঠিছে।

    কামপুৰত বান সাহায্য বিতৰণ কৰিবলৈ যোৱা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে বিজেপি মিত্ৰজোঁটৰ চৰকাৰক কটাক্ষ কৰি কয় – "পৃথিৱীত যেতিয়া দুৰ্নীতি–ব্যাভিচাৰ বৃদ্ধি পায় তেতিয়াই এইবোৰ নাশ কৰিবলৈ এজন মহাপুৰুষৰ জন্ম হয়। ২০২১তো সেইদৰেই বিজেপি চৰকাৰক শাসনৰ গাদীৰ পৰা ওফৰাই কংগ্ৰেছে সকলো দলকে লগত লৈ মহাজোঁটবন্ধনেৰে চৰকাৰ গঠন কৰিব।"

    ইপিনে ৰাজ্য কঁপোৱা বাঘজানৰ অগ্নিকাণ্ডৰ সম্পৰ্কত ৰকিবুলে কয়, "এইখন চৰকাৰৰ আমোলত ৰাজ্যত পাপ বাঢ়িছে। সেয়ে ইটোৰ পিছত সিটো সমস্যাৰ সৃষ্টি হৈছে আৰু বাঘজানৰ অগ্নিকাণ্ডও সেইবাবেই হৈছে। পাপ বেছি হৈছে কাৰণেই বিদেশী অভিযন্তা আনিও বাঘজানৰ জুই নিৰ্বাপিত কৰিব পৰা নাই।" ইপিনে কংগ্ৰেছ নেতাগৰাকীয়ে বিজেপিয়ে মহিলাক স্কুটী আৰু সোণ দিব নোৱাৰিলে বুলিও বিত্তমন্ত্ৰী হিমন্ত বিশ্বক কটাক্ষ কৰে।
    Published by:Sanjay Kumar Das
    First published: