শদিয়াত প্ৰাক্তন মন্ত্ৰীৰ সন্মুখত হুকহুকাই কান্দি উঠিল বানাক্ৰান্ত

প্ৰাক্তন বিধায়কগৰাকীয়ে বিভিন্ন আশ্ৰয় শিবিৰ তথা বান আক্ৰান্ত ৰাইজক নিজৰ সামৰ্থ অনুসৰি কিছু সহায় কৰাৰ উদ্দেশ্য খাদ্য–সামগ্ৰী, আৰ্থিক অনুদান, থকাৰ ব্যৱস্থাৰ বাবে টিৰপাল ইত্যাদি বিতৰণ কৰে৷
প্ৰাক্তন বিধায়কগৰাকীয়ে বিভিন্ন আশ্ৰয় শিবিৰ তথা বান আক্ৰান্ত ৰাইজক নিজৰ সামৰ্থ অনুসৰি কিছু সহায় কৰাৰ উদ্দেশ্য খাদ্য–সামগ্ৰী, আৰ্থিক অনুদান, থকাৰ ব্যৱস্থাৰ বাবে টিৰপাল ইত্যাদি বিতৰণ কৰে৷
- News18 Assam
- Last Updated: July 2, 2020, 7:20 PM IST
প্ৰাক্তন বিধায়কগৰাকীয়ে বিভিন্ন আশ্ৰয় শিবিৰ তথা বান আক্ৰান্ত ৰাইজক নিজৰ সামৰ্থ অনুসৰি কিছু সহায় কৰাৰ উদ্দেশ্য খাদ্য–সামগ্ৰী, আৰ্থিক অনুদান, থকাৰ ব্যৱস্থাৰ বাবে টিৰপাল ইত্যাদি বিতৰণ কৰে৷ শদিয়া সমষ্টিৰ অসম–অৰুণাচল সীমান্তৱৰ্তী অতি পিছপৰা থাপাবাৰী, মজবাৰী আদি গাঁৱৰ ৰাইজে দুখৰ সময়ত প্ৰাক্তন বিধায়কগৰাকীক কাষত পাই গামোচাৰে আদৰণি জনায়। আনকি দুই–এজন বয়োজ্যেষ্ঠ লোকে প্ৰাক্তন মন্ত্ৰীজনক কাষত পাই কান্দোনত ভাগি পৰা দেখা যায়৷
তদুপৰি, প্ৰাক্তন মন্ত্ৰীজনে শদিয়া ঘোৰামৰা গাঁৱত বিগত কেইদিনমানত বন্যহস্তীয়ে ঘৰ–দুৱাৰ ভাঙি তহিলং কৰা পৰিয়ালৰ কাষত উপস্থিত হৈ কিছু সামগ্ৰী দিয়াৰ লগতে বন্যহস্তীৰ পৰা ৰাইজক সকাহ দিবৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে বিভাগক ফোনযোগে আহ্বান জনায়৷