মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক মুকলি প্ৰত্যাহ্বান, সৰ্বানন্দ সোণোৱালক জগদীশ ভূঞাৰ ৭ টা প্ৰশ্ন

News18 Assam | News18-Assam
Updated:December 22, 2019, 7:41 AM IST
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক মুকলি প্ৰত্যাহ্বান, সৰ্বানন্দ সোণোৱালক জগদীশ ভূঞাৰ ৭ টা প্ৰশ্ন
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক মুকলি প্ৰশ্ন একালৰ সহযোগী তথা সদ্য ত্যাগী বিজেপি নেতা জগদীশ ভূঞাৰ

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক মুকলি প্ৰশ্ন একালৰ সহযোগী তথা সদ্য ত্যাগী বিজেপি নেতা জগদীশ ভূঞাৰ

  • Share this:
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক মুকলি প্ৰশ্ন জগদীশ ভূঞাৰ। নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে বিজেপি ত্যাগ কৰা জগদীশ ভূঞাই উভতি ধৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক। শুকুৰবাৰে মুখ্যমন্ত্ৰীৰ সংবাদমেলৰ পিছতে মুখ্যমন্ত্ৰীৰ কেইটামান বিশেষ মন্তব্যত অসন্তুষ্ট হৈ পৰিল একালৰ সহযোগী তথা সদ্য ত্যাগী বিজেপি নেতা জগদীশ ভূঞা।



ভূঞাৰ প্ৰশ্ন সোণোৱালক

১.আপোনাৰ আৰু মোৰ স্কুল আৰু পাঠ্যক্ৰম একেই কিন্তু কোনে ভুল শিকিলে আপুনি নে মই?
২.১৯৭১ ৰ পৰা ২০১৯ চনলৈ অসমলৈ কিমান অবৈধ বাংলাদেশী প্ৰৱেশ কৰিছে আপোনাৰ হাতত সেই তথ্য আছে নে ?
৩. IMDT আইন বাতিলৰ বাবে কৰা আবেদনৰ সময়ত উচ্চতম ন্যায়ালয়ত দিয়া বক্তব্য শুদ্ধ নে কালি সংবাদমেলত কোৱা নূন্যতম শব্দটো শুদ্ধ ?
৪. আপুনি কৈছে বাহিৰৰ পৰা এজনো লোক নাহে। আপুনি কেনেকৈ জানিলে যে বাংলাদেশৰ প্ৰায় ২ কোটি হিন্দু মানুহে কি ভাবি আছে ?

৫. এই আইনৰ জৰিয়তে যিহেতু নাগৰিকত্ব লাভ কৰাতো সহজ হ'ল তেনেক্ষেত্ৰত বাংলাদেশৰ ইছলামিক মৌলবাদীসকলক উৎসাহী নকৰিব নে ?
৬.আপুনি কৈছে অসমীয়া সৰ্বকালৰ বাবে ৰাজ্যভাষা হৈ থাকিব | ত্ৰিপুৰাত ত্ৰিপুৰাৰ ভুমিপুত্ৰসকলৰ সংখ্যা ১৯ শতাংশ, তেনেস্থলত কিহৰ আধাৰত আপুনি ক'লে ?
৭.CAA পৰৱৰ্তী সময়ত ২০২০,২০২৫ আৰু সংশোধনীৰে এই প্ৰব্ৰজন অনন্ত কাললৈ চলি থকাৰ পথ মুকলি নহ'বনে ?
Published by: Himangshu Bhuyan
First published: December 22, 2019, 7:41 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি