হোজাইৰ প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী অৰ্ধেন্দু কুমাৰ দেৰ পত্নীৰ দেহাৱসান। কৃষ্ণ নগৰস্থিত অৰ্ধেন্দু দে মালিকানাধীন দেজ নাৰ্ছিং হোমত পুৱা মৃত্যু হয় অৰ্ধেন্দু কুমাৰ দেৰ পত্নী মায়া দেৰ। ১ মাৰ্চ ১৯৪৩ চনত জন্মগ্ৰহণ কৰা মায়া দেৰ মৃত্যুৰ সময়ত বয়স আছিল ৭৮ বছৰ।
উল্লেখযোগ্য যে প্ৰয়াত মায়া দে কিছুদিন পূৰ্বে কোৰোণাত আক্ৰান্ত হৈছিল যদিও কোৰোণাক পৰাজিত কৰাৰ পিছতো আন ৰোগৰ বাবে ভুগি আছিল অক্সিজেনৰ অভাৱত।বৈষ্ণৱধৰ্ম গ্ৰহণ কৰা প্ৰয়াত মায়া দেই কেতিয়াও মন্ত্ৰী পত্নী হিচাপে কৰা নাছিল অহংকাৰ।সদায় ৰাইজৰ সেয়া কৰি ভাল পোৱা মায়া দেই মৃত্যুৰ পূৰ্বেও তেওঁৰ সোণৰ আ–অলংকাৰবোৰ দুখীয়া ছোৱালীৰ বিবাহত দান হিচাপে আগবঢ়াই দিয়াৰ বাবে অৰ্ধেন্দু দেক কৈ যোৱা বুলি প্ৰাক্তন মন্ত্ৰীজনে কৰে প্ৰকাশ।
ইফালে আজি শান্তিবন শ্মশানত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় মায়া দেৰ। মায়া দেই মৃত্যুৰ সময়ত সংসাৰত এৰি গৈছে স্বামী অৰ্ধেন্দু কুমাৰ দে, পুত্ৰ অনিৰুদ্ধ দে, বোৱাৰী ৰুণী দে, চিকিৎসক নাতিনীয়েক পূজা দে আৰু অসংখ্য গুণমুগ্ধক।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|