দেওবাৰে আনুষ্ঠানিক ভাবে বিজেপিত যোগদান কৰে সদ্য প্ৰাক্তন কংগ্ৰেছ নেতা তথা বিধায়ক সুশান্ত বৰগোহাঁইয়ে। বিজেপিত যোগদানৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে সুশান্তই ৷ সুশান্তৰ বিজেপিত যোগদানৰ লগে লগে উজনিত কংগ্ৰেছ দল প্ৰায় নিচ্চিন্ন হ'ল বুলি দাবী কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷
ইফালে বিজেপিত যোগদান কৰি সুশান্ত বৰগোঁহাইয়ে কয় যে, 'ৰাইজৰ সেৱা আৰু উন্নয়নৰ স্বাৰ্থত মই বিজেপিত যোগদান কৰিছো। বিজেপিৰ নীতি আদৰ্শৰ সৈতে একাত্ম হৈ ৰাইজৰ সেৱা আগবঢ়াম। লগতে অসমীয়া জাতিটো যাতে আগুৱাই লৈ যাব পাৰো, এই দিশত আগন্তুক দিনত কাম কৰি যাম।'
আজিৰ যোগদান কাৰ্যসূচীত সুশান্ত বৰগোহাঁইৰ লগতে ভালেসংখ্যক প্ৰাক্তন কংগ্ৰেছ নেতা-কৰ্মীয়ে বিজেপি দলত যোগদান কৰে। যোগদান কাৰ্যসূচীত উপস্থিত থাকে মন্ত্ৰী পীয়ুষ হাজৰিকা, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ লগতে বিজেপিৰ বহু কেইজন আগশাৰীৰ নেতা-কৰ্মী। লক্ষ্যণীয় ভাবে সুশান্তৰ বিজেপিত যোগদানৰ কাৰ্যসূচীত উপস্থিত থাকে থাওৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক কুশল দুৱৰীও।
ইফালে
সুশান্তৰ পিছে পিছে বিজেপিত আগমনৰ প্ৰায় নিশ্চিত হৈছে AIUDFৰ বিধায়ক ফণী তালুকদাৰৰ ৷ Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|