মুখ্যপৃষ্ঠা » খবৰ

» অসম

»‘অসমত চাফা হ’ব কংগ্ৰেছ, আগন্তুক পঞ্চায়ত নিৰ্বাচনত প্ৰাৰ্থী বিচাৰি নাপাব কংগ্ৰেছে’ – কোনে ক’লে এই কথা?

‘অসমত চাফা হ’ব কংগ্ৰেছ, আগন্তুক পঞ্চায়ত নিৰ্বাচনত প্ৰাৰ্থী বিচাৰি নাপাব কংগ্ৰেছে’ – কোনে ক’লে এই কথা?

News18 Assam | News18-Assam
Updated:July 11, 2021, 10:47 AM IST
‘অসমত চাফা হ’ব কংগ্ৰেছ, আগন্তুক পঞ্চায়ত নিৰ্বাচনত প্ৰাৰ্থী বিচাৰি নাপাব কংগ্ৰেছে’ – কোনে ক’লে এই কথা?
দল ত্যাগ কৰাৰ পিছতে কংগ্ৰেছ দলৰ বিৰুদ্ধে বহুটো বিস্ফোৰক মন্তব্য কৰে বসুমতাৰীয়ে৷

দল ত্যাগ কৰাৰ পিছতে কংগ্ৰেছ দলৰ বিৰুদ্ধে বহুটো বিস্ফোৰক মন্তব্য কৰে বসুমতাৰীয়ে৷

  • Share this:
‘অসমত চাফা হ’ব কংগ্ৰেছ। আগন্তুক পঞ্চায়ত নিৰ্বাচনত প্ৰাৰ্থী বিচাৰি নাপাব কংগ্ৰেছে। এই মন্তব্য প্ৰাক্তন কংগ্ৰেছী বিধায়ক শিৱচৰণ বসুমতাৰীৰ। কংগ্ৰেছৰ বিৰুদ্ধে বহু অভিযোগ আনি দল ত্যাগ প্ৰাক্তন বিধায়কজনৰ৷

কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰা ঢৌ অব্যহত আছে৷ এদিন পূৰ্বে কংগ্ৰেছৰ নেতা, প্ৰাক্তন বিধায়কৰ লগতে মুঠ ৩৯ গৰাকী কৰ্মীয়ে যোগদান কৰিলে বিজেপিত। ইয়াৰ ভিতৰত আছে দুধনৈৰ প্ৰাক্তন কংগেছী বিধায়ক শিৱচৰন বসুমতাৰীও৷

দল ত্যাগ কৰাৰ পিছতে কংগ্ৰেছ দলৰ বিৰুদ্ধে বহুটো বিস্ফোৰক মন্তব্য কৰে বসুমতাৰীয়ে৷ ক’লে – “কংগ্ৰেছত চলে মাথোঁ ডিভাইড এণ্ড ৰুল পলিচি৷ কংগ্ৰেছত এতিয়া আৰু নাই নেতৃত্ব দিয়া এজনো নেতা৷ পদত্যাগ কৰাৰ পিছতো প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ পদত অধিষ্ঠিত ৰিপুণ বৰা ৷ অসমত চাফা হৈছে কংগ্ৰেছ ৷ আগন্তুক পঞ্চায়ত নিৰ্বাচনত নিৰ্বাচন খেলিবলৈও প্ৰাৰ্থী বিচাৰি নাপাব কংগ্ৰেছ দলে ৷ দলটোতৰ নেতৃত্বই গুৰুত্ব নিদিয়ে প্ৰাক্তন বিধায়ক, কৰ্মীসকলক৷ কোনো ধৰণৰ আলোচনা কৰিবলৈ নাই মঞ্চ।’’

দলটোৰ নেতৃত্বৰ ওপৰত ক্ষোভ ব্যক্ত কৰি বসুমতাৰীয়ে কয় - এই দলটোত থাকি অসমৰ ৰাইজৰ উন্নয়নৰ কথা চিন্তা কৰিব নোৱাৰে কোনেও। কৰ্মীৰ লগতে একাংশ নেতাক দলটোৰ ৰাষ্ট্ৰীয় নেতাৰ সৈতে আলোচনা কৰিবও নিদিয়ে ৰাজ্যৰ কংগ্ৰেছৰে শীৰ্ষ নেতৃত্বই৷ এনেবোৰ কাৰণ দৰ্শাই কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগ দি শিৱচৰণ বসুমতাৰীয়ে কয়- বিজেপিত নাই লবী। নাই পদবীলোভী মানুহ। কিন্তু তাৰ বিপৰীতে কংগ্ৰেছত চলে লবীকেন্দ্ৰীক ৰাজনীতি৷ 

উল্লেখযোগ্য যে এসময়ৰ দাদা ব্ৰিগেডৰ এজন অন্যতম সদস্য আছিল শিৱচৰণ বসুমতাৰী৷ যোৱা ৯ জুলাইত গুৱাহাটীত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ লগতে বিজেপিৰ শীৰ্ষস্থানীয় নেতাৰ উপস্থিতিত গোৱালপাৰাৰ যুৱ কংগ্ৰেছী, প্ৰাক্তন বিধায়কসহ মুঠ ৩৯ গৰাকী কংগ্ৰেছীয়ে গেৰুৱা বসন পিন্ধে৷
Published by: Sanjay Kumar Das
First published: July 11, 2021, 10:47 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি