মন মেলিছে অসম সাহিত্য সভাৰ সভাপতি হ'বলৈ! বিধানসভাৰ লাইব্ৰেৰীতে পঢ়া-শুনাত ব্যস্ত কংগ্ৰেছৰ আমোলৰ 'আঢ়ৈ টকীয়া মন্ত্ৰী' নীলমণি সেন ডেকা
মন মেলিছে অসম সাহিত্য সভাৰ সভাপতি হ'বলৈ! বিধানসভাৰ লাইব্ৰেৰীতে পঢ়া-শুনাত ব্যস্ত কংগ্ৰেছৰ আমোলৰ 'আঢ়ৈ টকীয়া মন্ত্ৰী' নীলমণি সেন ডেকা
ৰাজনীতি নহয়; এইবাৰ অসম সাহিত্য সভাৰ সভাপতি হ'বলৈ হেনো মন মেলিছে প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী নীলমণি সেন ডেকাই ৷ এই কথা সদৰি কৰিলে খোদ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷
ৰাজনীতি নহয়; এইবাৰ অসম সাহিত্য সভাৰ সভাপতি হ'বলৈ হেনো মন মেলিছে প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী নীলমণি সেন ডেকাই ৷ এই কথা সদৰি কৰিলে খোদ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷
নীলমণি সেন ডেকা! সততে বিতৰ্কত মন্তব্য কৰে প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী নীলমণি সেন ডেকাই। বিগত বিধানসভাৰ নিৰ্বাচনত অৱশ্যে দলে টিকট নিদিলে বহুবল্কী প্ৰাক্তন মন্ত্ৰী নীলমণিক ৷ টিকট নোপোৱাৰ খং শেহতীয়াকৈ উজাৰিছে নীলমণিয়ে ৷ নিৰ্বাচনত কংগ্ৰেছ বেয়াকৈ ধাৰাশায়ী হোৱাৰ পিছত সভাপতি ৰিপুণ বৰা আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে ক্ষোভ উজাৰি কংগ্ৰেছ হাইকামাণ্ডলৈ আন একাংশ জ্যেষ্ঠ নেতাৰ সৈতে লগ হৈ যোৱা ১০ জুনত চিঠিও লিখিছিল ৷
এনে সন্ধিক্ষণত বৃহস্পতিবাৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই সদৰি কৰিলে নীলমণি সেন ডেকাৰ আন এক আঁচনিৰ কথা ৷ এসময়ত আঢ়ৈ টকাত এসাঁজ ভাত খাব পাৰি বুলি মন্তব্য কৰি বিৰ্তকৰ সূচনা কৰা নীলমণি সেন ডেকাই হেনো এইবাৰ অসম সাহিত্য সভাৰ সভাপতি হ'বলৈ মন মেলিছে ৷ সাহিত্য সভাৰ সভাপতি হ'বলৈ হেনো নীলমণিয়ে বিধানসভাৰ লাইব্ৰেৰীত সঘনে আহি পঢ়াশুনা চলাই আছে ৷
নীলমণি সেন ডেকাই সাহিত্য সভালৈ মন মেলাৰ কথা সদৰি কৰি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ক'লে- “জ্যেষ্ঠ নেতা নীলমণি সেন ডেকাৰ সন্দৰ্ভত আৰু তেওঁ বিশেষ কথা আৰু ক'ব নিবিচাৰে ৷ তেওঁ পঢ়াশুনা কৰি আছে আৰু সাহিত্য সভাৰ সভাপতি হ'বলৈ চেষ্টা কৰি আছে ৷”