নীলমণি সেন ডেকাই অসম সাহিত্য সভাৰ সভাপতি হ'বৰ বাবে চেষ্টা চলাই আছে বুলি মন্তব্য কৰিছিল বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই৷
নীলমণি সেন ডেকাই অসম সাহিত্য সভাৰ সভাপতি হ'বৰ বাবে চেষ্টা চলাই আছে বুলি মন্তব্য কৰিছিল বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই৷
অসম সাহিত্য সভাৰ সভাপতি পদত অধিষ্ঠিত হোৱাৰ ক্ষেত্ৰত কোনেও বাধা দি ৰাখিব নোৱাৰে প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী নীলমণি সেন ডেকাক৷ শুকুৰবাৰে নীলমণি সেন ডেকাই এই কথা নিজ মুখে ক'লে সাংবাদিকক৷ লগতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াকো এজাউৰি দিলে ডেকাই৷
বৃহস্পতিবাৰে News18ৰ সন্মুখত প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী নীলমণি সেন ডেকাই অসম সাহিত্য সভাৰ সভাপতি হ'বৰ বাবে চেষ্টা চলাই আছে বুলি মন্তব্য কৰিছিল বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই৷ অসম সাহিত্য সভাৰ সভাপতি হ'বলৈ নীলমণি সেন ডেকাই বিধানসভাৰ লাইব্ৰেৰীত পঢ়াশুনা কৰি আছে বুলিও কটাক্ষ কৰিছিল দেৱব্ৰত শইকীয়াই৷
বিৰোধী দলপতিৰ এনে মন্তব্যৰ পিছত শুকুৰবাৰে নীলমণি সেন ডেকাই উভতি ধৰে৷ শেনৰ এজাত হৈ নীলমণি সেন ডেকাই শুকুৰবাৰে ক'লে- “সাহিত্য সভাৰ সভাপতি হোৱাত মোক কোনে বাধা দিয়ে? মই সাহিত্য সভাৰ সভাপতি হ’মেই৷ ৰাজনীতিও কৰিছোঁ আৰু সাহিত্যও কৰিছোঁ৷ সাহিত্য সভাৰ সভাপতিও মই হ’ম৷”
প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী নীলমণিয়ে লগতে ক'লে- “মোৰ আৰু দহখন কিতাপ প্ৰকাশ পাব৷ বিধানসভাতে উন্মোচন কৰিম দহখন কিতাপ আৰু তাৰ বাবে মই অধ্যক্ষৰ পৰাও অনুমতি লৈছোঁ৷”
এনেদৰে সাহিত্য সভাৰ সভাপতি হ'বলৈ আগ্ৰহ প্ৰকাশ কৰি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াক এজাউৰি দিলে নীলমণি সেন ডেকাই৷ ডেকাই ক'লে- “মই সৰু আৰু একো নজনা মানুহ৷ ৰিপুণ বৰা, দেৱব্ৰত শইকীয়াৰ দৰে জ্ঞান মোৰ নাই৷ তেওঁলোকে দল চলোৱা মানুহ৷ কিন্তু মই কিতাপ লিখিছোঁ আৰু সাহিত্য সভাৰ সভাপতি মই হ’মেই৷ কোনে বাধা দিয়ে চাওচোন মোক৷”
ইপিনে নীলমণি সেন ডেকাই কৰা মন্তব্যৰ পিছত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই হাত দাঙি দিয়াৰ লেখীয়াকৈ ক'লে- “নীলমণি সেন ডেকাক কিয় বাধা দিম আমি? তেওঁ সাহিত্য সভাৰ সভাপতি হওক৷ পঢ়াশুনা কৰা মানুহ, কিতাপ লিখা মানুহ৷”
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|