• Home
  • »
  • News
  • »
  • assam
  • »
  • CAAৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত ওকালতি কৰিবলৈ সাজু তৰুণ গগৈ, কিনিছে নতুন পোছাক

CAAৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত ওকালতি কৰিবলৈ সাজু তৰুণ গগৈ, কিনিছে নতুন পোছাক

‘কেবৰ বিৰুদ্ধে দেশৰ লগতে বিদেশতো আন্দোলন হৈছে। ইয়াৰ জৰিয়তে এইটোৱে প্ৰতীয়মান হৈছে যে এই আইনে আমাৰ জাতিটোক সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলাব।’ – ক’লে তৰুণ গগৈয়ে।

  • Share this:
পুনৰ অধিবক্তাৰ পোছাক পিন্ধি আইনী যুঁজত নামিব প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। ক’লা কোট পিন্ধি CAAৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত ওকালতি কৰিব তৰুণ গগৈয়ে। মঙলবাৰে সংবাদমেলত এই কথা জনায় প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে। অৱশ্যে ওকালতিৰ সময়ত তৰুণ গগৈৰ সৈতে থাকিব জ্যেষ্ঠ অধিবক্তা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পি চিদাম্বৰম।

‘কেবৰ বিৰুদ্ধে দেশৰ লগতে বিদেশতো আন্দোলন হৈছে। ইয়াৰ জৰিয়তে এইটোৱে প্ৰতীয়মান হৈছে যে এই আইনে আমাৰ জাতিটোক সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলাব।’ – ক’লে তৰুণ গগৈয়ে।

গগৈয়ে কয় – ‘গণতন্ত্ৰৰ প্ৰতি মুঠেই বিশ্বাস নাই নৰেন্দ্ৰ মোদীৰ। মোদী হ’ল ভাৰতবৰ্ষৰ আলী জিন্না। লণ্ডনৰ প্ৰবাসী অসমীয়াসকলক মোদীয়ে পাকিস্তানী সজাব বিচৰাটো লজ্জাজনক।’ সেই অসমীয়াসকলক ক্ষমা বিচাৰিবলৈ সকীয়াই দিয়ে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে। ডিঙিত অসমীয়া গামোচা লৈ ফুৰা প্ৰধানমন্ত্ৰীক অসমত CAA কাৰ্যকৰি নকৰিবলৈ আহ্বান জনায় গগৈয়ে।

হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালক মানবেন্দ্ৰ শৰ্মা আৰু সৌৰভ বৰাৰ হত্যাকাৰী আখ্যা তৰুণ গগৈৰ। অগপৰ তিনি মন্ত্ৰী আৰু সাংসদক ভণ্ড বুলি কয় প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে। গগৈয়ে কয় – অসম চুক্তি উলংঘা কৰাৰ পিছত ৬নং দফা অৰ্থহীন। হিন্দু-মুছলমানৰ মাজত সংঘাত লগাব বিচৰা হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰ কৰিব লাগে। অসমত এতিয়া চৌদিশে সৰ্বানন্দ নহয়, সৰ্বনাশ হ’ল। অসম অশান্ত কৰাৰ আঁৰত চৰকাৰ আৰু আৰএছএছ জড়িত আছে। সমগ্ৰ ঘটনাৰ ন্যায়িক তদন্ত হোৱা উচিত।

হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি গগৈয়ে কয় যে সমগ্ৰ গণ্ডগোলৰ মূল ব্যক্তিজনেই হ’ল হিমন্ত বিশ্ব শৰ্মা। তেওঁক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে। চৰকাৰক বিপদত পেলোৱাৰ গভীৰ ষড়যন্ত্ৰ ৰচিছে হিমন্ত বিশ্ব শৰ্মাই। এফালে যুঁজ লগাইছে, আনফালে নিয়ন্ত্ৰণ কৰিব পাৰিম বুলি কোৱাটোৱে কি বুজাই? গৃহমন্ত্ৰীয়ে সংবাদ মেল দিব লাগিছিল দিছে স্বাস্থ্য মন্ত্ৰীয়ে।

আনহাতে, কৃষক নেতা অখিল গগৈৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ল’ব নালাগিছিল বুলিও মন্তব্য কৰে তৰুণ গগৈয়ে। গগৈয়ে কয় – ইমানে যদি বেয়া KMSSক নিষিদ্ধ ঘোষণা কৰক।

২০২১ চনত অসমৰ ৰাইজে বিজেপিক ক্ষমতাচ্যুত কৰিব। আকৌ হ’ব কংগ্ৰেছৰ চৰকাৰ। সংবাদমেলত এই মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

Published by:Sanjay Kumar Das
First published: