AIUDFক সুৰ সলনি তৰুণ গগৈৰ, কংগ্ৰেছৰে AIUDFৰ হ’ব মিত্ৰতা

প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈয়ে লগতে ক’লে – কেৱল এ আই ইউ ডি এফেই নহয়, KMSS, আছু, আৰছু, CPI, CPI(ML) আদি দল–সংগঠনৰ বাবেও আমাৰ দুৱাৰ মুকলি আছে।

News18-Assam
Updated:September 29, 2019, 2:15 PM IST
AIUDFক সুৰ সলনি তৰুণ গগৈৰ, কংগ্ৰেছৰে AIUDFৰ হ’ব মিত্ৰতা
প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈয়ে লগতে ক’লে – কেৱল এ আই ইউ ডি এফেই নহয়, KMSS, আছু, আৰছু, CPI, CPI(ML) আদি দল–সংগঠনৰ বাবেও আমাৰ দুৱাৰ মুকলি আছে।
News18-Assam
Updated: September 29, 2019, 2:15 PM IST
বিজু কুমাৰ ডেকা : ‘হু ইজ আজমল’ বুলি দম্ভালি মৰাৰ দিন আৰু নাই। এই দম্ভালি বিগত ডেৰটা দশক ধৰি শুনি আহিছিল অসমবাসীয়ে। মুখ্যমন্ত্ৰী হৈ থকাৰ কালত তৰুণ গগৈয়ে নামেই শুনিব বিচৰা নাছিল AIUDFৰ মুৰব্বী বদৰুদ্দিন আজমলৰ। কিন্তু এতিয়া সেই ৰামো নাই অযোধ্যাও নাই। দেওবাৰে NEWS18ৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে সলনি কৰিলে আজমল সন্দৰ্ভত নিজৰ স্থিতি। ক’লে – ‘এতিয়া নহ’লেও ভৱিষ্যতে হ’ব AIUDFৰে কংগ্ৰেছৰ মিত্ৰতা। আজমলৰ দলৰ সৈতে বিগত বিধানসভা আৰু লোকসভা নিৰ্বাচনৰ সময়তো আসন বুজাবুজিক লৈ আলোচনা হৈছিল। কিন্তু হোৱা নাছিল মিত্ৰতা।’

মিত্ৰতা সন্দৰ্ভত কংগ্ৰেছৰ স্থিতিক লৈ প্ৰশ্ন কৰাত প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈয়ে লগতে ক’লে – কেৱল
এ আই ইউ ডি এফেই নহয়, KMSS, আছু, আৰছু, CPI, CPI(ML) আদি দল–সংগঠনৰ বাবেও আমাৰ দুৱাৰ মুকলি আছে। প্ৰয়োজনত সকলোৰে লগত হ’ব পাৰে কংগ্ৰেছৰ মিত্ৰতা। অৱশ্যে ২১ অক্টোবৰত হ’বলগীয়া ৰাজ্যৰ চাৰি সমষ্টিৰ উপ–নিৰ্বাচনত AIUDFৰ সৈতে কোনো ধৰণৰ বুজাবুজি হোৱা নাই বুলি সদৰি কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে।

বিজেপিক সমালোচনা কৰি NEWS18ৰ আগত গগৈয়ে কয় – বিজেপিয়ে দিয়া প্ৰতিশ্ৰুতিবোৰ পূৰণ কৰিব নোৱাৰিলে৷ আমি তাকেই ইচ্ছ্যু কৰি ৰাইজৰ কাষলৈ যাম।

ইপিনে, প্ৰদেশ কংগ্ৰেছৰ সভাপতি প্ৰসংগত গগৈয়ে কয় যে এতিয়াই প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ পদটো সলনি নহয়। মোৰ নামো ওলাই আছে। মোৰ বয়স হৈছে, নহ’লে দায়িত্ব ময়েই ল’লোহেঁতেন। হাইকমাণ্ডে এতিয়া কাক দায়িত্ব দিয়ে চাওঁ। মই ফুৰা–চকা কৰাত বয়স হোৱাৰ বাবে অসুবিধা। তথাপিও হাইকমাণ্ডে যি সিদ্ধান্ত লয় তাকে মানি ল’ম।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি