‘হিমন্ত বিশ্ব PAID SINGER, য’তে থাকে তাৰেই গুণ–গান গায়’

আজি সংবাদমেলযোগে তৰুণ গগৈয়ে কয় যে অসমৰ জাতীয় জীৱনলৈ মহা সংকট নামি আহিছে, কিন্তু বিজেপি চৰকাৰ ঘোৰ নিদ্ৰাত।

News18-Assam
Updated:October 15, 2019, 1:59 PM IST
‘হিমন্ত বিশ্ব PAID SINGER, য’তে থাকে তাৰেই গুণ–গান গায়’
আজি সংবাদমেলযোগে তৰুণ গগৈয়ে কয় যে অসমৰ জাতীয় জীৱনলৈ মহা সংকট নামি আহিছে, কিন্তু বিজেপি চৰকাৰ ঘোৰ নিদ্ৰাত।
News18-Assam
Updated: October 15, 2019, 1:59 PM IST
‘হিমন্ত বিশ্ব শৰ্মা পেইড ছিংগাৰ, য’তে থাকে তাৰেই গুণ–গান গায়’ – এই মন্তব্য কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। আজি সংবাদ মেলযোগে হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰি তৰুণ গগৈয়ে কয় যে এসময়ত হিমন্ত বিশ্ব শৰ্মাই গুজৰাটৰ পানীৰ পাইপেৰে মুছলমানৰ তেজ বয় বুলি কৈছিল। এতিয়া মোদীৰ গুণ গাইছে। এটা সময়ত মোৰ জয়গান গাইছিল হিমন্ত বিশ্ব শৰ্মাই। এইক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাক কোনেও চেৰ পেলাব নোৱাৰে।

সংবাদমেলত গগৈয়ে কয় – আজি অসমৰ জাতীয় জীৱনলৈ মহা সংকট আহিছে৷ কিন্তু বিজেপি চৰকাৰ ঘোৰ নিদ্ৰাত আছে৷ এই সংকটৰ বাবে দায়ী চৰকাৰ। ৰাইজৰ স্বাৰ্থত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে মাত মাতিবলৈও বিজেপিক আহ্বান গগৈৰ। গগৈয়ে কয় যে নিৰ্বাচনলৈ এবছৰো নাই। মোদী, অমিত শ্বাহৰ সন্মুখত মাত মাতিবলৈ সাহস নাই এওঁলোকৰ। বিজেপিয়ে সকলোকে ঠগিলে, জনজাতিক ঠগিলে।

মিজোৰাম, মেঘালয়, অৰুণাচল, নাগালেণ্ডৰ মুখ্যমন্ত্ৰীয়ে CABৰ বিৰুদ্ধে মাত মাতিছে৷ আমাৰ মুখ্যমন্ত্ৰীয়ে মৌন হৈ আছে৷ নিমাতী কইনা মুখ্যমন্ত্ৰী, হিমন্ত বিশ্ব আৰু চন্দ্ৰমোহন পাটোৱাৰী। মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ।

ৰাজ্যৰ উন্নয়নক লৈ তৰুণ গগৈয়ে কয় যে এইখন চৰকাৰে ৰাস্তা বনাব নোৱাৰিলে, সেয়ে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ হেলিকপ্টাৰত যাব, কিন্তু আমি কিহত যাম?

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক পৰৱৰ্তী বাতৰি