সৰ্বানন্দ–হিমন্তৰ যুঁজত অসমবাসীৰ মৰণ, কিয় ভুল হ’বলৈ পালে NRC : তৰুণ গগৈ

News18-Assam
Updated:September 3, 2019, 3:19 PM IST
সৰ্বানন্দ–হিমন্তৰ যুঁজত অসমবাসীৰ মৰণ, কিয় ভুল হ’বলৈ পালে NRC : তৰুণ গগৈ
হিমন্তই কি খুৱাইছিল মোক নাজানো, হিমন্তৰ কথা মতেই মই চলিছিলো। এতিয়া অৱশ্যে সৰ্বানন্দক সেই ঔষধ খুৱাব নোৱাৰে। - তৰুণ গগৈ

হিমন্তই কি খুৱাইছিল মোক নাজানো, হিমন্তৰ কথা মতেই মই চলিছিলো। এতিয়া অৱশ্যে সৰ্বানন্দক সেই ঔষধ খুৱাব নোৱাৰে। - তৰুণ গগৈ

  • Share this:
প্ৰকাশ পালে চূড়ান্ত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী। চূড়ান্ত NRCত অন্তৰ্ভুক্ত হ’ল ৩,১১,২১,০০৪ জন লোকৰ নাম। তাৰ বিপৰীতে বাদ পৰিল ১৯,০৬,৬৫৭জন লোক। আজি এক সংবাদমেলত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কয় যে NRCক লৈ এতিয়া সমগ্ৰ অসমত প্ৰতিবাদ হৈছে। এই প্ৰতিবাদ এটা শ্ৰেণীৰ মাজত সীমাবদ্ধ হৈ থকা নাই। বঙালী, নেপালী, জনগোষ্ঠীয় সকলো লোকে ক্ষোভ প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই গুৰুত্ব নিদিয়াৰ ফল এয়া। গগৈয়ে কয় যে নাম বাদ পৰাসকল বিদেশী বুলি স্বীকৃত নহয়, তেন্তে কিয় বিদেশী ন্যায়াধীকৰণলৈ যাব?

NRC যদি বিজ্ঞানসন্মত তেন্তে ভুল কেনেকৈ হ’ল বুলিও প্ৰশ্ন উত্থাপন কৰে তৰুণ গগৈয়ে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ আবেদন কৰিব বুলিও কয় গগৈয়ে। মুখ্যমন্ত্ৰী সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি গগৈয়ে কয় যে মুখ্যমন্ত্ৰী আৰু হিমন্ত বিশ্ব ক’ত শুই আছিল? NRCত কিয় ভুল হ’বলৈ পালে? উচ্চতম ন্যায়ালয়ে চোৱাচিতাহে কৰিছে, NRC ৰূপায়ণ কৰিছে চৰকাৰে। অসমৰ মানুহক বুৰ্বক বনাব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই।

NRC পুনৰীক্ষণৰ দাবী তুলি গৈয়ে কয় যে হিমন্ত বিশ্বই NRCৰ কথা কোৱাৰ অধিকাৰ নাই। পুনৰীক্ষণ কৰিবলৈ ক’বলৈ হিমন্তৰ অধিকাৰ নাই। অসম মৰিছে এতিয়া সৰ্বানন্দ আৰু হিমন্ত বিশ্বৰ যুদ্ধত। সকলোকে ক্ষমতা লাগে, হিমন্তই মুখ্যমন্ত্ৰী হ’ব বিচাৰে। হিমন্ত লাঠ মৰা মানুহ, মোকো লাঠ মাৰিলে।

প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে হিমন্তই কি খুৱাইছিল মোক নাজানো, হিমন্তৰ কথা মতেই মই চলিছিলো। এতিয়া অৱশ্যে সৰ্বানন্দক সেই ঔষধ খুৱাব নোৱাৰে। দুই ম’হৰ যুঁজত এতিয়া বিৰিণাৰ মৰণ হৈছে অসমবাসীৰ।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTubeFacebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading