‘ব্যৰ্থতা ঢাকিবলৈ NRC আৰু CAB আনিছে বিজেপিয়ে, এয়া অসমক ধ্বংস কৰাৰ ষড়যন্ত্ৰ’

News18 Assam | News18-Assam
Updated:December 2, 2019, 3:40 PM IST
‘ব্যৰ্থতা ঢাকিবলৈ NRC আৰু CAB আনিছে বিজেপিয়ে, এয়া অসমক ধ্বংস কৰাৰ ষড়যন্ত্ৰ’
গগৈয়ে ক’লে- ‘NRCৰ জৰিয়তে আমি সমস্যা সমাধান কৰিব বিচাৰিছিলো, বিজেপিয়ে জ্বলাবহে বিচাৰিছে৷ বিদেশীক স্বদেশী, স্বদেশীক বিদেশী কৰিলে৷’

গগৈয়ে ক’লে- ‘NRCৰ জৰিয়তে আমি সমস্যা সমাধান কৰিব বিচাৰিছিলো, বিজেপিয়ে জ্বলাবহে বিচাৰিছে৷ বিদেশীক স্বদেশী, স্বদেশীক বিদেশী কৰিলে৷’

  • Share this:
‘অসম বিভিন্ন সমস্যাৰে জৰ্জৰিত৷ এই সমস্যাসমূহক সমাধান নকৰি CAB আনিবলৈ বিচাৰিছে দিল্লীয়ে৷ অসম ধ্বংস কৰিব বিচাৰিছে৷ অসম চৰকাৰ দুৰ্বল বাবে দিল্লীক বিৰোধিতা কৰিব পৰা নাই৷ NRCক লৈ গৰ্ব কৰিছিল অমিত শ্বাহে, এতিয়া ওলটা শৰ মাৰিছে৷’ - সোমবাৰে CAB সন্দৰ্ভত এনেদৰেই সৰৱ হৈ উঠিল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ৷ দিছপুৰৰ চৰকাৰী আৱাসত আয়োজিত সংবাদমেলত গগৈয়ে ক’লে- ‘NRCক লেহেমীয়া গতিত চলাইছিল বুলি আমাক দোষাৰোপ কৰিছিল বিজেপিয়ে৷’

‘মই কৈছিলো NRCক পেলনীয়া কাগজ বুলি৷ এতিয়াটো কাগজো নহয়, নস্যাতে কৰি দিলে NRCক৷ পুনৰ মই ক’ম- NRC ভাৰতত কৰিব নোৱাৰে৷’ – সংবাদমেলত স্পষ্ট কৰিলে গগৈয়ে৷

বিজেপি চৰকাৰক সমালোচনা কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈয়ে ক’লে- ‘NRCৰ জৰিয়তে আমি সমস্যা সমাধান কৰিব বিচাৰিছিলো, বিজেপিয়ে জ্বলাবহে বিচাৰিছে৷ বিদেশীক স্বদেশী, স্বদেশীক বিদেশী কৰিলে৷’

ইপিনে, NRCৰ পূৰ্বৰ সমন্বয়ৰক্ষী প্ৰতীক হাজেলা সন্দৰ্ভত গগৈয়ে ক’লে- ‘প্ৰতীক হাজেলাই যদি দুৰ্নীতি কৰিছে, তেন্তে কিয় গ্ৰেপ্তাৰ নকৰিলে? হাজেলাৰ প্ৰতি নৰম কিয়? নে হাজেলাৰ পৰা কমিচন পাইছিল বাবে গ্ৰেপ্তাৰ নকৰিলে? মোৰ সন্দেহ হয় এই চৰকাৰৰ ওপৰত৷’

কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক পুনৰ সমালোচনা কৰি সংবাদমেলত গগৈয়ে ক’লে- ‘অসমত সমস্যাই সমস্যা৷ কোনো সমস্যা সমাধান কৰিব পৰা নাই৷ GDP ৪.৫ লৈ নামিল৷ ব্যৰ্থতা ঢাকিবলৈ NRC আৰু CABক আনিছে বিজেপিয়ে৷ ৰাজ্য চৰকাৰে কয় – মোদী চৰকাৰ অহাৰ পৰা অসমৰ উন্নতি হৈছে, কিন্তু ক’ত? নিবনুৱা সমস্যা, উদ্যোগ ক’ত? দুটা উদ্যোগ মৰিলহে৷ না বৈদ্যুতিকৰণ, না শিক্ষাৰ উন্নতি৷ এতিয়া আকৌ অসমত নৌকা বিহাৰ কৰিবলৈ আহিব মোদী৷ মোদীক দেখি আমাৰজনেও লাগিছে আমোদ–প্ৰমোদত৷ নমামী ব্ৰহ্মপুত্ৰ, পুষ্কৰ কৰে৷ ঘৰ লাগে ছিক্সষ্টাৰ৷’

ৰাজ্যৰ মুখ্যমন্ত্ৰীক সমালোচনা কৰি গগৈয়ে ক’লে- ‘ৰাজ্যৰ মন্ত্ৰীকেইজন বদনৰ বংশধৰ৷ আত্মবিশ্বাস নথকা চৰকাৰ এতিয়াৰ অসম চৰকাৰ৷’

বৰ্তমানৰ আন্দোলন সন্দৰ্ভত গগৈয়ে কয় - ‘যুৱক, ছাত্ৰ–ছাত্ৰীয়ে আন্দোলন কৰিছে৷ যুৱচাম, ছাত্ৰ সমাজ আগবাঢ়ি আহিছে, এয়া ভাল খবৰ৷ চৰকাৰে গুৰুত্ব নিদিয়ে নালাগে৷ আমি আৰু শক্তিশালী কৰিব লাগিব আন্দোলন৷’

AGPৰ স্থিতি সন্দৰ্ভত গগৈৰ মন্তব্য এনেধৰণৰ- ‘অগপ স্বাৰ্থপৰ, এনে দল দেখা নাই মই৷ NRCৰ ভিত্তিবৰ্ষ কি তাকেই নাজানে৷ অমিত শ্বাহৰ সৈতে মিটিং কৰি চাহ খাওঁতে কিয় নুসুধিলে?’

গগৈয়ে সাহিত্যৰ সভাৰ স্থিতি দুৰ্বল আখ্যা দি আছুৰ স্থিতিক প্ৰশংসা কৰি ক’লে- ‘আছুয়ে এতিয়ালৈকে যি মন্তব্য কৰিছে ভাল কৰিছে৷’

ইপিনে সংবাদমেলত পুনৰ মন্ত্ৰী হিমন্ত বিশ্বক আক্ৰমণ কৰিলে তৰুণ গগৈয়ে৷ গগৈয়ে ক’লে - ‘হিমন্ত অসম চুক্তিৰ মন্ত্ৰী আছিল৷ এতিয়া তেওঁ অসম চুক্তি ৰূপায়ণ কৰিবলৈ দায়বদ্ধ নহওঁ বুলি ক’লেই হ’ব নেকি? হিমন্তক গুৰুত্ব দি লাভ নাই৷ হিমন্তক গুৰুত্ব দি মই পৃথিৱীত নকৰা ভুল কৰিলো৷ মূৰত উঠাই লৈ এতিয়া কাকো নমনা হ’ল তেওঁ৷ এবাৰ ছালফা, এবাৰ আছু, এবাৰ কংগ্ৰেছ হৈ যায় আৰু এতিয়া বিজেপিত। এতিয়া অমিত শ্বাহক তেল মাৰি আছে৷’
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি