বেলেগ দলৰ প্ৰতি ৰাইজৰ আস্থা নাই, ২০২১ত আমিয়েই জয়ী হ’ম, BJPৰ এতিয়া শনিৰ দশা চলিছে – ক’লে তৰুণ গগৈয়ে

News18 Assam | News18-Assam
Updated:December 31, 2019, 2:44 PM IST
বেলেগ দলৰ প্ৰতি ৰাইজৰ আস্থা নাই, ২০২১ত আমিয়েই জয়ী হ’ম, BJPৰ এতিয়া শনিৰ দশা চলিছে – ক’লে তৰুণ গগৈয়ে
প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কয় – এতিয়াতো IMDT নাই, বিদেশী কিয় খেদিব পৰা নাই? উচ্চতম ন্যায়ালয়ত IMDT সন্দৰ্ভত ভুৱা শপতনামা দিছিল সৰ্বানন্দ সোণোৱালে৷ আমি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিম।

প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কয় – এতিয়াতো IMDT নাই, বিদেশী কিয় খেদিব পৰা নাই? উচ্চতম ন্যায়ালয়ত IMDT সন্দৰ্ভত ভুৱা শপতনামা দিছিল সৰ্বানন্দ সোণোৱালে৷ আমি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিম।

  • Share this:
২০১৯ বৰ্ষৰ শেষৰ দিনটোত আজি এক সংবাদমেলৰ আয়োজন কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। সংবাদমেলত গগৈয়ে কয় যে ২০১৯ বছৰতো অসমীয়া জাতিৰ বাবে এটা বেয়া বছৰ৷ ১১ ডিচেম্বৰৰ দিনটো ক’লা দিন অসমৰ বাবে। মোদী চৰকাৰে দ্বিতীয়বাৰ শাসনলৈ আহি CAA জাপি দিলে৷ মই গৌৰৱ অনুভৱ কৰিছো, অসমবাসী ৰাইজে সমগ্ৰ বিশ্বক জনাই দিলে যে অসমীয়াই কাৰো ওচৰত শিৰনত নকৰে৷ ৰাইজ কাৰ বিৰুদ্ধে একেলগে ওলাই আহিছে৷ কাৰ বিৰুদ্ধে দেশৰ ভিতৰত অসমেই প্ৰথমে আন্দোলন কৰিছিল৷ ইয়াৰ পিছত এতিয়া এই আন্দোলন সমগ্ৰ দেশত বিয়পি পৰিছে।

‘সৰ্বানন্দ সোণোৱালক ৰাইজে জাতি-মাটি-ভেটিৰ ৰক্ষক বুলি ভাৱিছিল৷ ২০১৯ৰ শেষত তেওঁৰ স্বৰূপ ওলাল, ভণ্ড স্বৰূপ। অগণতান্ত্ৰিকভাৱে কা ভাৰতবাসীৰ ওপৰত জাপি দিব বিচাৰিছে মোদীয়ে। দেশৰ গণতন্ত্ৰ, দেশৰ সংবিধান বিপদাপন্ন হৈছে। ধৰ্মনিৰপেক্ষতাত আঘাত দিছে৷’ – মন্তব্য তৰুণ গগৈৰ।

প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কয় – এতিয়াতো IMDT নাই, বিদেশী কিয় খেদিব পৰা নাই? উচ্চতম ন্যায়ালয়ত IMDT সন্দৰ্ভত ভুৱা শপতনামা দিছিল সৰ্বানন্দ সোণোৱালে৷ আমি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিম।

বিদেশী খেদিম বুলি কৈ এতিয়া বিদেশী আনিব ওলাইছে বিজেপিয়ে। আমাৰ বিৰুদ্ধেও আন্দোলন কৰিছিল, কিন্তু এনেদৰে লেই লেই ছেই ছেই কৰা নাছিল৷ সোণোৱালে আকৌ সোধে- কি ভুল কৰিলে? লাইট নুমুৱাই পাঁচজন আন্দোলনকাৰী সৰু ল’ৰাক মাৰিলে৷ ন্যায়িক তদন্ত কিয় দিয়া নাই? আমাৰ দিনত এনে ঘটনা হ’লে ন্যায়িক তদন্ত দিছিলো। সংবাদমেলত এইদৰে ক’লে তৰুণ গগৈয়ে।

তৰুণ গগৈয়ে কয় – চাৰি বছৰ আগত ৰাইজে বিপুল ভোটত জয়ী কৰাইছিল সোণোৱালক৷ আজি কিয় এই আন্দোলন? এই আন্দোলন কৰিব লগীয়া পৰিৱেশ কোনে আনিছে? এই আন্দোলন শেষ হ’ব, যেতিয়া CAA বাতিল কৰিব৷ কিন্তু চৰকাৰে কৰিব বিচৰা নাই৷ CAAৰ জৰিয়তে হিন্দু-মুছলমানৰ মাজত বিভাজনৰ সূচনা কৰিব বিচাৰিছে।

২০২১ত আমিয়েই জয়ী হ’ম৷ আমি কনফিডেণ্ট৷ কিন্ত ইমানো সহজ নহয়৷ বেলেগ দলৰ প্ৰতি ৰাইজৰ আস্থা নাই৷ BJPৰ এতিয়া শনিৰ দশা চলিছে৷ এখনৰ পিছত এখন ৰাজ্য হেৰুৱাইছে। গণতন্ত্ৰত বিকল্প দলৰ প্ৰয়োজন থাকেই৷ বিকল্প দলে কিন্তু আমাক নহ’লে নোৱাৰিব৷ অগপ ক্ষমতাৰ খকত মৰিছে। এইদৰে সংবাদমেলত মন্তব্য কৰিলে তৰুণ গগৈয়ে।

 
আৰু চাওক
পৰৱৰ্তী বাতৰি