‘মুখ্যমন্ত্ৰী হ’বলৈ CABৰ হৈ মাত মাতি আছে হিমন্ত বিশ্বই, পৰিণাম ভুগিব সোণোৱালেও’

নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰসংগত অগপৰ স্থিতিক লৈ গগৈয়ে কয় যে অগপৰ স্থিতি অতি লাজলগা৷
নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰসংগত অগপৰ স্থিতিক লৈ গগৈয়ে কয় যে অগপৰ স্থিতি অতি লাজলগা৷
- News18 Assam
- Last Updated: December 1, 2019, 2:58 PM IST
তৰুণ গগৈয়ে কয় – অসমত বাদে মিজোৰাম, অৰুণাচল, নাগালেণ্ড, মণিপুৰত CAB জাপি দিব পৰা নাই৷ ইনাৰ লাইন পাৰ্মিট আছে কাৰণে সেইবোৰ ৰাজ্যত কোনেও মাটি কিনিব নোৱাৰে৷ BJP–এ আঁভুৱা ভাৰিছে অসমক৷’
গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাজেৰে প্ৰতিবাদৰ বাবে আহিব নোৱাৰিলে মুখ্যমন্ত্ৰীয়ে৷ তেওঁৰ সৎ সাহস থাকিব লাগিছিল বিশ্ববিদ্যালয়ৰ ছাত্ৰ–ছাত্ৰীৰ সৈতে মুখামুখি হ’বলৈ৷ CAB যদি ভালেই বুজাব লাগিছিল বিশ্ববিদ্যালয়ৰ ছাত্ৰ–ছাত্ৰীক। এইদৰে ক’লে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে।নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰসংগত অগপৰ স্থিতিক লৈ গগৈয়ে কয় যে অগপৰ স্থিতি অতি লাজলগা৷ CABক লৈ স্থিতি স্পষ্ট কৰিব পৰা নাই ক্ষমতাৰ লোভত৷ অসম সাহিত্য সভাৰ স্থিতিও দুৰ্ভাগ্যজনক৷ সাহিত্য সভাই নাভাবিব যে তেওঁলোকেই অসমৰ মালিক বুলি৷ আজি সাহিত্য সভাই সবল ভূমিকা ল’ব লাগিছিল বুলিও কয় তৰুণ গগৈয়ে।
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube , Facebook আৰু Twitter ত আমাক ফল’ কৰক।