• Home
  • »
  • News
  • »
  • assam
  • »
  • অতি সংকটজনক তৰুণ গগৈৰ স্বাস্থ্য, GMCHত উপস্থিত পুত্ৰ গৌৰৱ সহ বোৱাৰী আৰু জী

অতি সংকটজনক তৰুণ গগৈৰ স্বাস্থ্য, GMCHত উপস্থিত পুত্ৰ গৌৰৱ সহ বোৱাৰী আৰু জী

ইফালে কিছু সময়ৰ পিছতে জি এম চি এইচত উপস্থিত হ’ব স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

ইফালে কিছু সময়ৰ পিছতে জি এম চি এইচত উপস্থিত হ’ব স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

ইফালে কিছু সময়ৰ পিছতে জি এম চি এইচত উপস্থিত হ’ব স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

  • Share this:
অতি সংকটজনক হৈ পৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্য। বৰ্তমান গুৱাহাটী চিকিত্‍সা মহাবিদ্যালয়ৰ মেকানিকেল ভেণ্টিলেটৰত ৰখা হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক। শনিবাৰৰ পৰা অধিক অৱনতি ঘটিছিল গগৈৰ স্বাস্থ্য। কিন্তু শনিবাৰৰ তুলনাত দেওবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্য সামান্য উন্নতি হৈছিল যদিও সোমবাৰে পুৱা ব্যাপক ভাবে অৱনতি ঘটে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ স্বাস্থ্যৰ অৱস্থা। চিকিত্‍সা মহাবিদ্যালয়খনৰ অধিক্ষক ডা০ অভিজিত্‍ শৰ্মাই জনোৱা মতে, আজি ব্যাপক ভাবে অৱনতি ঘটিছে গগৈৰ স্বাস্থ্য। আজি ডায়েলেছিচ কৰিব পৰা অৱস্থাত নাই তৰুণ গগৈ।’

বৰ্তমান গুৱাহাটী চিকিত্‍সা মহাবিদ্যালয়ত উপস্থিত হৈছে সাংসদ পুত্ৰ গৌৰৱ গগৈ। ইফালে দেওবাৰে পুৱা আমেৰিকাত থকা তৰুণ গগৈৰ জীয়ৰী চন্দ্ৰিমাও আহি উপস্থিত হয়। বৰ্তমান গুৱাহাটী চিকিত্‍সা মহাবিদ্যালয়ত উপস্থিত হৈছে জীয়ৰী চন্দ্ৰিমা গগৈৰ লগতে তৰুণ গগৈৰ বোৱাৰী।

ইফালে কিছু সময়ৰ পিছতে জি এম চি এইচত উপস্থিত হ’ব স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। তৰুণ গগৈৰ আশু আৰোগ্য কামনা কৰি এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলি আছে সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা।
Published by:Himangshu Bhuyan
First published: