GMCHত মেকানিকেল ভেণ্টিলেচনত তৰুণ গগৈ, বৰ্তমান স্বাস্থ্যৰ অৱস্থা কেনে গগৈৰ?

News18 Assam | News18-Assam
Updated:November 22, 2020, 4:59 PM IST
GMCHত মেকানিকেল ভেণ্টিলেচনত তৰুণ গগৈ, বৰ্তমান স্বাস্থ্যৰ অৱস্থা কেনে গগৈৰ?
সকলোৰে প্ৰাৰ্থনা, সোনকালে সুষ্ঠ হৈ উঠক তৰুণ গগৈ৷

সকলোৰে প্ৰাৰ্থনা, সোনকালে সুষ্ঠ হৈ উঠক তৰুণ গগৈ৷

  • Share this:
শনিবাৰৰ তুলনাত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্য পৰীক্ষাৰ প্ৰতিবেদনত দেখা গৈছে সামান্য উন্নতি ৷ চিকিৎসকৰ ভাষাত এতিয়াও সংকট মুক্ত নহয় তৰুণ গগৈৰ স্বাস্থ্য৷ সংকটজনক অৱস্থাত বৰ্তমানেও গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী৷ বৰ্তমান মেকানিকেল ভেণ্টিলেচনত আছে তৰুণ গগৈ৷ অৱশ্যে শনিবাৰৰ তুলনাত দেওবাৰে গগৈৰ দেহত উন্নত  অক্সিজেনৰ মাত্ৰা ৷ দেওৱাৰে অক্সিজেন মাত্ৰা ৯৫ - ৯৭৷ যাৰ বাবে হয়তো দেওবাৰে তৰুণ গগৈয়ে সামান্য লৰচৰো কৰিছে৷ এবাৰৰ বাবে চকু মেলিছ তৰুণ গগৈয়ে৷ এইমছৰ চিকিৎসকৰ পৰামৰ্শ লাভ কৰিলে গগৈৰ ডায়েলাইছিছ কৰাৰ সম্ভাৱনা আছে৷

উল্লেখ্য যে শনিবাৰে বিয়লি গগৈৰ স্বাস্থ্যৰ অৱস্থা বুজ ল’বলৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈছিল ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ স্বাস্থ্য মন্ত্ৰীগৰাকী উপস্থিত হৈ গগৈৰ স্বাস্থ্যৰ বুজ লয়৷

ৰাজ্যৰ বিভিন্ন প্ৰান্ত গগৈৰ আশু আৰোগ্য কামনা কৰি অনুষ্ঠিত হৈছে প্ৰাৰ্থনা সভা৷ দেওবাৰে দিনটোত তৰুণ গগৈৰ স্বাস্থ্যৰ বুজ ল’বলৈ হাস্পতালত উপস্থিত হয় নুৰুল হুডা, বিস্মিতা গগৈকে প্ৰমুখ্য কৰি বহু নেতা–কৰ্মী৷ অৱশ্যে তৰুণ গগৈৰ স্বাস্থ্য সন্দৰ্ভত এই পৰ্যন্ত কোনো মন্তব্য আগবঢ়োৱা নাই পুত্ৰ গৌৰৱ গগৈয়ে৷ সকলোৰে প্ৰাৰ্থনা, সোনকালে সুষ্ঠ হৈ উঠক তৰুণ গগৈ৷
Published by: Sanjay Kumar Das
First published: November 22, 2020, 4:59 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading