হিমন্তক মূৰত উঠাই পৃথিৱীৰ আটাইতকৈ ডাঙৰ ভুলটো কৰিলো, অনুতপ্ত তৰুণ গগৈৰ মন্তব্য

News18 Assam | News18-Assam
Updated:December 2, 2019, 6:22 PM IST
হিমন্তক মূৰত উঠাই পৃথিৱীৰ আটাইতকৈ ডাঙৰ ভুলটো কৰিলো, অনুতপ্ত তৰুণ গগৈৰ মন্তব্য
‘মুৰত তুলি লোৱাৰ পিছত হিমন্তই এতিয়া গুৰু-গোসাই নমনা হ'ল ৷ হিমন্তৰ কথাত গুৰুত্ব দি লাভ নাই ৷ এদিন ইফালে থাকিলে, এদিন সিফালে থাকে তেওঁ ৷ এদিন ছালফা, এদিন আছু হয়।’ – তৰুণ গগৈ।

‘মুৰত তুলি লোৱাৰ পিছত হিমন্তই এতিয়া গুৰু-গোসাই নমনা হ'ল ৷ হিমন্তৰ কথাত গুৰুত্ব দি লাভ নাই ৷ এদিন ইফালে থাকিলে, এদিন সিফালে থাকে তেওঁ ৷ এদিন ছালফা, এদিন আছু হয়।’ – তৰুণ গগৈ।

  • Share this:
হিমন্ত বিশ্ব শৰ্মাক সহায় কৰি, মূৰত উঠাই পৃথিৱীৰ আটাইতকৈ ডাঙৰ ভুলটো কৰিলে তৰুণ গগৈয়ে৷ সোমবাৰে এই কথা নিজ মুখে স্বীকাৰ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈয়ে৷

সোমবাৰে হিমন্ত বিশ্ব শৰ্মাৰ কথা উলিয়াই প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈয়ে ক'লে, ‘হিমন্ত এদিন ছালফা, এদিন আছু হয়৷ হিমন্তৰ কথাক গুৰুত্ব দি লাভ নাই৷ হিমন্ত আজি ইফালে, কাইলৈ সিফালে৷ য’তে সুবিধা পাই তাতে সুবিধা লয়৷ এতিয়া বিজেপিত সোমাই অমিত শ্বাহক তেল মাৰিছে৷’

এসময়ৰ মৰমৰ হিমন্ত বিশ্ব শৰ্মাৰ সন্দৰ্ভত এনেদৰেই সৰৱ হৈ উঠিল প্ৰাক্তন মুখ্যমন্ত্ৰী৷ হিমন্তই তিতা-কেহা খুৱালে গগৈক৷ সোমবাৰে হিমন্তৰ কথা উলিয়াই গগৈয়ে সাংবাদিকৰ সন্মুখত অনুশোচনা কৰিলে৷

‘মূৰত উঠাই লৈছিলো হিমন্তক৷ মূৰত উঠি এতিয়া হিমন্তই গুৰু-গোসাঁই কাকো নমনা হ’ল৷ হিমন্তক সহায় কৰাটো পৃথিৱীৰ আটাইতকৈ ডাঙৰ ভুল হ’ল’ – অনুতপ্ত গগৈয়ে আক্ষেপেৰে ক’লে সাংবাদিকক৷

ইমানেই নহয়, হিমন্ত সন্দৰ্ভত প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈয়ে ক’লে, ‘অমিত শ্বাহক তেল মাৰিবলৈ হিমন্তই নকৰে কি? CABক পূৰ্ণ সমৰ্থন দিছে হিমন্তই৷ CAB আনিবই হেনো৷ আনক৷ আমিও দেখিম৷ NRCৰ ভিত্তিবৰ্ষ ১৯৫১ কৰে বোলে! ১৯৭১ৰ ভিত্তিবৰ্ষ হিচাপেহে মন্ত্ৰী হৈছিল হিমন্ত৷ পাহৰিলে নহ’ব৷’

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি