‘২৫ লাখ নিবনুৱাক সংস্থাপন দিয়ক, ১ লাখ নিবনুৱাক সংস্থাপনেৰে বাহ বাহ ললে নহ’ব’

News18 Assam | News18-Assam
Updated:January 26, 2020, 8:53 PM IST
‘২৫ লাখ নিবনুৱাক সংস্থাপন দিয়ক, ১ লাখ নিবনুৱাক সংস্থাপনেৰে বাহ বাহ ললে নহ’ব’
হিমন্ত বিশ্বৰ ঘোষণাক উভতি ধৰিলে তৰুন গগৈয়ে।

হিমন্ত বিশ্বৰ ঘোষণাক উভতি ধৰিলে তৰুন গগৈয়ে।

  • Share this:
কা বিৰোধী আন্দোলন নিশেষ কৰিবলৈ ৰাজ্য চৰকাৰৰ মুখত নিবনুৱা সংস্হাপন, বিনামূলীয়া চাউল বিতৰণৰ প্ৰসংগ ৷ যদি নিবনুৱা সংস্হাপনৰ সদিচ্ছা আছিল বিগত চাৰিবছত কিয় নহ’ল খালি পদ পূৰণ ৷ বিজেপিয়ে ২৫ লাখ নিবনুৱাক সংস্থাপনৰ আশ্বাস দিছিল কিন্তু সেয়া প্ৰতিশ্ৰুতিয়েিই হৈ ৰল ৷ জনতাক দিয়া প্ৰতিশ্ৰুতি পূৰণত চৰম ব্যৰ্থ ৰাজ্য চৰকাৰ ৷ এনেদৰে ৰাজ্য চৰকাৰক সমালোচনাৰে থকা সৰকা কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ৷

শনিবাৰে মন্ত্ৰী হিমন্ত বিশ্বই ৰাজ্যৰ বহু নিবনুৱাক  শিক্ষা বিভাগত নিযুক্তি প্ৰদানৰ কথা প্ৰকাশ কৰিছিল ৷ মন্ত্ৰী হিমন্ত বিশ্বৰ ঘোষণাক সমালোচনা তৰুণ গগৈৰ ৷ ‘ইমান দিনে খালী পদেৰে চলিছে শিক্ষা বিভাগ ৷ কিন্তু হঠাৎ হিমন্ত কৰা ঘোষণা ৰহস্য মাথোন কা ৷ নিবনুৱা সংস্থাপনৰ বাবে খালী পদ কিয় নতুন পদৰ সৃষ্টি কৰক ৷ তেতিয়াহে কব সদিচ্ছাৰে সোণোৱাল চৰকাৰে নিবনুৱাক নিযুক্তি দিছে ৷
আৰু চাওক
পৰৱৰ্তী বাতৰি