বেছিকৈ শ্লোক মাতি, গীতাৰ কথা কোৱা জনেই সংস্কৃত টোল বন্ধ কৰিলেঃতৰুণ গগৈ

News18 Assam | News18-Assam
Updated:February 13, 2020, 3:24 PM IST
বেছিকৈ শ্লোক মাতি, গীতাৰ কথা কোৱা জনেই সংস্কৃত টোল বন্ধ কৰিলেঃতৰুণ গগৈ
শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ

শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ

  • Share this:
ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে ৰাজ্যৰ সংস্কৃত টোল সমূহ অহা চাৰি, পাঁচ মাহৰ ভিতৰত বন্ধ কৰাৰ কথা ঘোষণা কৰে। বুধবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰাৰ পিছতে ৰাজ্যত সৃষ্টি হৈছে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ।

এইবাৰ সংস্কৃত টোল বন্ধ কৰিবলৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লোৱা সিদ্ধান্তক কটাক্ষ কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কয় যে, ‘যিজনৰ মুখত গীতাৰ কথা , সংস্কৃত শ্লোক বেছিকৈ শুনিবলৈ পোৱা যায়, সেইজনেই আকৌ সংস্কৃত টোল বন্ধ কৰাৰ কথা কৈছে? এইটো কেনেকুৱা কথা?’

বৃহস্পতিবাৰে টীয়কত আয়োজিত এক দলীয় অনুষ্ঠানত উপস্থিত থাকি প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে ক’লে- ‘সংস্কৃত টোল আৰু মাদ্ৰাছা বন্ধ কৰা বিষয়টো কেতিয়াও গ্ৰহণযোগ্য নহয়। প্ৰয়োজন হ’লে আধুনিকীকৰণ কৰক।’

উল্লেখযোগ্য যে, অহা চাৰি, পাঁচ মাহৰ ভিতৰত ৰাজ্যত বন্ধ হ’ব সকলো মাদ্ৰাছা আৰু সংস্কৃত টোল। বুধবাৰে অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেটত লোৱা হয় গুৰুত্বপূৰ্ণ সিদ্ধান্ত। শিক্ষাৰ নামত ধৰ্মায় শিক্ষা প্ৰদান বন্ধ কৰাৰ স্বাৰ্থত মাদ্ৰাছা আৰু সংস্কৃত টোল বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্যৰ শিক্ষা বিভাগে।
আৰু চাওক
পৰৱৰ্তী বাতৰি