‘কোনো ঠিক নাই, আকৌ কংগ্ৰেছলৈ আহি যাবও পাৰে হিমন্ত বিশ্ব শৰ্মা!’

News18 Assam | News18-Assam
Updated:January 3, 2020, 1:29 PM IST
‘কোনো ঠিক নাই, আকৌ কংগ্ৰেছলৈ আহি যাবও পাৰে হিমন্ত বিশ্ব শৰ্মা!’
বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিত দাসক প্ৰত্যাহ্বান তৰুণ গগৈৰ। সাহস আছে যদি ৰণজিত দাসে ২০২১ত নিজ সমষ্টিৰ পৰা জিকিব আহক বুলি মন্তব্য কৰে গগৈয়ে।

বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিত দাসক প্ৰত্যাহ্বান তৰুণ গগৈৰ। সাহস আছে যদি ৰণজিত দাসে ২০২১ত নিজ সমষ্টিৰ পৰা জিকিব আহক বুলি মন্তব্য কৰে গগৈয়ে।

  • Share this:
‘হিমন্ত বিশ্ব শৰ্মা এজন প্ৰফেচনেল ছিংগাৰ। তেওঁৰ কোনো ঠিক নাই, আকৌ কংগ্ৰেছলৈ আহিব পাৰে।’ – এই মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ। আজি গুৱাহাটীৰ এখন হোটেলত এক সংবাদমেলৰ আয়োজন কৰে কংগ্ৰেছে। সংবাদমেলত উপস্থিত থাকে তৰুণ গগৈ, ৰিপুণ বৰা, দেৱব্ৰত শইকীয়া, ৰকিবুল হুছেইন, অজন্তা নেওগৰ লগতে কেইবাজনো কংগ্ৰেছ নেতা।

নাগৰিকত্ব সংশোধনী আইনক লৈ সংবাদমেলত তৰুণ গগৈয়ে কয় যে CAAই আমাৰ দেশৰ সংবিধান উলংঘা কৰিছে৷ ধৰ্মনিৰপেক্ষতাত আঘাত হানিছে৷ CAA বিৰোধী আন্দোলনকাৰীৰ ওপৰত নিৰ্মম অত্যাচাৰ কৰা হৈছে৷ আমি সদনত এই বিষয়ত আলোচনা কৰিব বিচাৰিছো। চৰকাৰ গঠনৰ পূৰ্বে বিদেশী খেদিম বুলি কোৱা বিজেপিয়ে এতিয়া ইউ টাৰ্ণ লৈ বিদেশীক আমন্ত্ৰণহে কৰিছে।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক তীব্ৰ সমালোচনা কৰে গগৈয়ে। প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কয় – ‘সৰ্বানন্দ সোণোৱাল জাতীয় নায়ক নহয়, এতিয়া জাতীয় শত্ৰু। কাৰো কথা নুশুনে সোণোৱালে৷ এয়া ডিক্টেটৰশ্বীপ।

বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিত দাসক প্ৰত্যাহ্বান তৰুণ গগৈৰ। সাহস আছে যদি ৰণজিত দাসে ২০২১ত নিজ সমষ্টিৰ পৰা জিকিব আহক বুলি মন্তব্য কৰে গগৈয়ে।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি