হিমন্ত দুই নম্বৰী, অমিত শ্বাহক ছালাম দি হিমন্তই কিমান দিন বচাব চাকৰি : তৰুণ গগৈ

২০২১ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছে অসমত ক্ষমতা দেখুৱাই দিব বুলি কয় প্ৰবীণ নেতাগৰাকীয়ে।

News18-Assam
Updated:September 10, 2019, 2:13 PM IST
হিমন্ত দুই নম্বৰী, অমিত শ্বাহক ছালাম দি হিমন্তই কিমান দিন বচাব চাকৰি : তৰুণ গগৈ
২০২১ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছে অসমত ক্ষমতা দেখুৱাই দিব বুলি কয় প্ৰবীণ নেতাগৰাকীয়ে।
News18-Assam
Updated: September 10, 2019, 2:13 PM IST
বিপুল বৰ্মন : দুই নম্বৰী নেতা হিমন্ত বিশ্ব শৰ্মা, অমিত শ্বাহক ছালাম দি দি বিজেপিত চাকৰি বচাই আছে হিমন্তই। এয়া অসমীয়া জাতিৰ বাবে দুৰ্ভাগ্যজনক। এই মন্তব্য কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। ক্ষমতাৰ লোভত সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই অমিত শ্বাহক নেডাৰ সভাত CAB সম্পৰ্কত সমৰ্থন কৰি গ’ল বুলি কয় তৰুণ গগৈয়ে।

নেডাৰ সভাত মৌনব্ৰত ধাৰণ কৰা অগপ সভাপতিক ‘বদন’ আখ্যা দিয়ে কংগ্ৰেছৰ প্ৰবীণ নেতাগৰাকীয়ে। অমিত শ্বাহৰ সম্মুখতে বিধেয়কখনক বিৰোধিতা কৰাৰ বাবে তৰুণ গগৈয়ে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড ছাংমা, নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ’ আৰু মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাক ধন্যবাদ জনায়।

ইফালে, NRCক গুৰুত্ব নিদিয়াৰ বাবে প্ৰধানত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহেই দায়ী বুলি ক’লে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। গগৈয়ে লগতে কয় যে CAB আহিলে NRC মূল্যহীন হ’ব। CABক বিৰোধিতা কৰে যদি প্ৰফুল্ল কুমাৰ মহন্তই দলত্যাগ কৰক, নেডা বাদ দিয়ক বুলি অগপৰ জ্যেষ্ঠ নেতাগৰাকীক প্ৰত্যাহ্বান জনায় তৰুণ গগৈয়ে।

২০২১ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছে অসমত ক্ষমতা দেখুৱাই দিব বুলি কয় প্ৰবীণ নেতাগৰাকীয়ে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক পৰৱৰ্তী বাতৰি