‘সৰ্বানন্দ সোণোৱালে চিনেমা কৰক, ৰাসৰ বতৰত এমাহ কৃষ্ণৰ ভাও দি থাকক’

News18-Assam
Updated:November 14, 2019, 5:31 PM IST
‘সৰ্বানন্দ সোণোৱালে চিনেমা কৰক, ৰাসৰ বতৰত এমাহ কৃষ্ণৰ ভাও দি থাকক’
Source-Google

ফিল্ম ফেয়াৰ এৱাৰ্ড পাতিবলৈ উৎসৱ প্ৰিয় চৰকাৰৰ কোটি কোটি টকা ক’ৰ পৰা ওলাল?

  • Share this:
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল কামৰ নহয়, উৎসৱ পতা মুখ্যমন্ত্ৰীহে! আকৌ এবাৰ সংবাদমেল অনুষ্ঠিত কৰি সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে সৰব হ’ল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। ফেব্ৰুৱাৰিত ‘ফিল্ম ফেয়াৰ’ পাতিবলৈ চৰকাৰে কোটি কোটি টকা ক’ৰ পৰা উলিয়াব বুলিও তীৰ্যক মন্তব্য কৰে তৰুণ গগৈয়ে। ৰাজ্যত ছিণ্ডিকেট চলি থকা বুলি অভিযোগ উত্থাপিত হোৱাৰ সময়তে তৰুণ গগৈয়ে কয় যে, ‘দুৰ্নীতি মুক্তৰ কথা কোৱা চৰকাৰ খনেই দুৰ্নীতি কৰি আছে। ছিণ্ডিকেট বাঢ়ি আছে দিনে দিনে। আমাৰ দিনটো চলিছিল, কিন্তু ইমান বেছিকৈ ছিণ্ডিকেট চলা নাছিল’।



সেইদৰে শিশু দিৱসৰ দিনা কেৱল চৰকাৰে হৰ্ডিং লগাইছে বুলি কোৱাৰ লগতে শিশুৰ নিৰাপত্তা প্ৰদানত চৰকাৰ চূড়ান্ত ভাবে ব্যৰ্থ হৈছে বুলিও তীৰ্যক মন্তব্য কৰে তৰুণ গগৈয়ে।
আৰু চাওক
পৰৱৰ্তী বাতৰি