মুখ্যপৃষ্ঠা »খবৰ »অসম »NRCত বাদ পৰা ১৯ লাখ লোকৰ বিষয়টো কেনেকৈ গুৰুত্বপূৰ্ণ নহয়? – CJI ৰঞ্জন গগৈৰ বিৰুদ্ধে সৰৱ তৰুণ গগৈ

NRCত বাদ পৰা ১৯ লাখ লোকৰ বিষয়টো কেনেকৈ গুৰুত্বপূৰ্ণ নহয়? – CJI ৰঞ্জন গগৈৰ বিৰুদ্ধে সৰৱ তৰুণ গগৈ

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে অহা ১৭ নৱেম্বৰত অৱসৰ লোৱাৰ পিছত সাক্ষাৎ কৰিব তৰুণ গগৈয়ে।

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে অহা ১৭ নৱেম্বৰত অৱসৰ লোৱাৰ পিছত সাক্ষাৎ কৰিব তৰুণ গগৈয়ে।

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে অহা ১৭ নৱেম্বৰত অৱসৰ লোৱাৰ পিছত সাক্ষাৎ কৰিব তৰুণ গগৈয়ে।

  • Share this:
    এইবাৰ দেশৰ মুখ্য ন্যায়ধীশ ৰঞ্জন গগৈৰ বিৰূদ্ধে সৰৱ হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। News18 ৰে নতুন দিল্লীত হোৱা এক আছুতীয়া সাক্ষাৎকাৰত NRC সন্দৰ্ভত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে কৰা মন্তব্যক লৈ সমালোচনামুখৰ হৈ পৰে গগৈ।

    গগৈয়ে কয় – ‘নাগৰিকপঞ্জীৰ পৰা বাদ পৰা ১৯ লক্ষ লোকৰ বিষয়টো তেওঁ কেনেকৈ গুৰুত্বপূৰ্ণ নহয় বুলি ক’ব পাৰে? ভিত্তিবৰ্ষক প্ৰত্যাহ্বান জনোৱাসকলে যদি জুইৰে খেলিছে তেন্তে CAB আনিব বিচৰাসকলেও জুইৰ লগত খেলিছে। দেশৰ গৃহমন্ত্ৰী অমিত শাহে জুইৰ খেলিছে।’

    মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে অহা ১৭ নৱেম্বৰত অৱসৰ লোৱাৰ পিছত সাক্ষাৎ কৰিব তৰুণ গগৈয়ে।

    তৰুণ গগৈয়ে ৰঞ্জন গগৈলৈ NRCৰ বিসংগতিসমূহ আঙুলিয়াই পত্ৰও প্ৰেৰণ কৰিছিল। কিন্তু মুখ্য ন্যায়ধীশে সেই পত্ৰৰ উত্তৰ নিদিলে বুলি মন্তব্য বৰ্ষীয়ান নেতাগৰাকীৰ।

    তৰুণ গগৈয়ে কয় – ‘তেওঁ মোক মাতিব পাৰিলেহেঁতেন। কিন্তু মতা দূৰৈৰ কথা, ন্যায়াধীশ গগৈয়ে পত্ৰখনৰ প্রাপ্তি স্বীকাৰৰ সৌজন্যতাও প্রদর্শন নকৰিলে।
    NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

    শেহতীয়া বাতৰি