‘ত্ৰিপালৰ লীক মাৰিব নোৱাৰা চৰকাৰে কয় গুৱাহাটীক ক্ৰীড়া ৰাজধানী বনোৱাৰ কথা’

News18 Assam | News18-Assam
Updated:January 6, 2020, 1:50 PM IST
‘ত্ৰিপালৰ লীক মাৰিব নোৱাৰা চৰকাৰে কয় গুৱাহাটীক ক্ৰীড়া ৰাজধানী বনোৱাৰ কথা’
চৰকাৰক কটাক্ষ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ। ক’লে, ‘লোকৰ তেলৰে মাছ ভাজিছে চৰকাৰে’

চৰকাৰক কটাক্ষ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ। ক’লে, ‘লোকৰ তেলৰে মাছ ভাজিছে চৰকাৰে’

  • Share this:
অসম ক্ৰিকেট সন্থাৰ চূড়ান্ত দায়িত্বজ্ঞানহীনতাৰ বাবে সমগ্ৰ বিশ্বৰ ওচৰত লজ্জানত হ’ল অসম। দেওবাৰে গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত আছিল ভাৰত–শ্ৰীলংকাৰ মাজৰ T-20 শৃংখলাৰ প্ৰথমখন খেল। সমগ্ৰ বিশ্বক আচৰিত কৰা আৰু অসমক লজ্জানত কৰি বৰ্ষাপাৰা ষ্টেডিয়ামত পিটছ শুকুৱাবলৈ অসম ক্ৰিকেট সন্থাই আনিলে হেয়াৰ ড্ৰায়াৰ, ঘৰ চাফা কৰা ভেকুৱাম ক্লিনাৰ আৰু ইস্ত্ৰি।

এনে ব্যৰ্থতাৰ পিছতে চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। সংবাদমেল সম্বোধন কৰি তৰুণ গগৈয়ে কয় যে, ‘ খেল এখনো ভালকৈ পাতিব নোৱাৰা এইখন চৰকাৰে গুৱাহাটীক ক্ৰীড়া ৰাজধানী বনোৱাৰ কথা কয়। ত্ৰিপালৰ  লীক মাৰিব নোৱাৰা চৰকাৰ এইখন। ৰাজ্যখনক  বিশ্ববাসীৰ ওচৰত লজ্জানত কৰিলে।’

তৰুণ গগৈয়ে লগতে অসম ক্ৰিকেট সন্থাৰ বিৰুদ্ধে তদন্তৰো পোষকতা কৰে। গগৈয়ে কয় যে, ‘স্পৰ্টছ কেপিটেল পাতিম বুলি কোৱা মুখ্যমন্ত্ৰীয়ে ষ্টেডিয়াম নিৰ্মাণ কৰক। ACAই ক্ষমা খোজক, পদত্যাগ কৰক। লোকৰ তেলৰে মাছ ভাজিছে চৰকাৰে।’

 
আৰু চাওক
পৰৱৰ্তী বাতৰি