সৰ্বানন্দ সোণোৱালক কিয় মুখ্যমন্ত্ৰী বুলি নাভাবে তৰুণ গগৈয়ে? অচিৰেই দুভাগত বিভক্ত হ’ব AGP!

News18 Assam | News18-Assam
Updated:December 4, 2019, 2:31 PM IST
সৰ্বানন্দ সোণোৱালক কিয় মুখ্যমন্ত্ৰী বুলি নাভাবে তৰুণ গগৈয়ে? অচিৰেই দুভাগত বিভক্ত হ’ব AGP!
Source-Google

৬ জনগোষ্ঠীৰ জানাজাতিকৰণ নহয়, টোপ দিহে থাকিব। CAB সন্দৰ্ভত গণভোট হওক । যোৱা নিৰ্বাচনত গৌণ বিষয় আছিল CAB

  • Share this:
জাতি ধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কক কেন্দ্ৰ কৰি ৰাজ্য উত্তাল হৈ থকাৰ সময়তে এইবাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কৰিছে বিশেষ মন্তব্য। নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উত্তৰ–পূৰ্বাঞ্চলৰ দল–সংগঠনৰ সৈতে ভাগ লোৱা বৈঠকক ভেকোভাওনা আখ্যা দিলে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। তৰুণ গগৈয়ে কয় যে, ‘অমিত শ্বাহৰ বৈঠক ভেকোভাওনা । কালি মাজ ৰাতি লৈকে হ’ল বৈঠক। আজি পুৱাই কেবিনেটত অনুমোদন জনালে নাগৰিকত্ব সংশোধনী বিধেয়ক। যদি এয়া ভেকোভাওনা নহয় , তেন্তে কি? আলোচনাত কি সিদ্ধান্ত ল'লে। কি প্ৰস্তাৱ হ'ল? CAB গৃহীত কৰিবলৈ তেওঁলোক বদ্ধপৰিকৰ।’



তৰুণ গগৈৰ মতে, বিজেপিৰ ওপৰত বেছিকৈ আস্থা ৰাখি ভুল কৰিলে অসমবাসীয়ে। CAB ৰ সন্দৰ্ভত অতি নিৰাশজনক স্থিতি লোৱা ‘জাতীয় নায়ক’ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকো তীব্ৰ সমালোচনা কৰে তৰুণ গগৈয়ে।  তৰুণ গগৈৰ মতে, ‘মুখ্যমন্ত্ৰীৰ ভূমিকা অতি দুৰ্বল । মই তেওঁক মুখ্যমন্ত্ৰী বুলি নাভাবোৱেই। জাতি মাটিৰ কথা কৈ কিয় নিশ্চুপ হৈ ৰ'ল?’



অসম গণ পৰিষদৰ শেহতীয়া স্থিতিৰ সন্দৰ্ভতো তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে তৰুণ গগৈয়ে। তৰুণ গগৈৰ মতে, ‘ দুভাগত বিভক্ত হ’ব অগপ। যি সকলে আন্দোলন কৰিছিল তেওঁলোকে CAB  মানি ল’ব নোৱাৰে । গতিকে প্ৰফুল্ল মহন্ত নেতৃত্বত নতুন দল হ'ব। আৰু এই দল টোৱেই হ'ব প্ৰকৃত আঞ্চলিক শক্তি।’

 
আৰু চাওক
পৰৱৰ্তী বাতৰি