কেন্দ্ৰীয় মন্ত্ৰী হিচাপে কিমান সফল আছিল তৰুণ গগৈ? পেপচি, ডেলমণ্টে আৰু কেএফচিক ভাৰতলৈ অনাত লৈছিল বিশেষ ভুমিকা

১৯৯১চনত তদানীন্তন প্ৰধানমন্ত্ৰী পিভি নৰসিংহ ৰাও আৰু বিত্তমন্ত্ৰী ড৹ মনমোহন সিঙে মুকলি কৰিছিল মুক্ত বজাৰ অৰ্থনীতি । ইয়াৰ দ্বাৰা বিদেশী প্ৰতিষ্ঠানে বিশাল ভাৰতীয় বজাৰত সামগ্ৰী আৰু সেৱা বিক্ৰী কৰাৰ পথ প্ৰশস্ত হৈছিল।

- News18 Assam
- Last Updated: November 25, 2020, 3:30 PM IST
জ্যেষ্ঠ সাংবাদিক জয়ন্ত ৰয় চৌধৰীয়ে তৰুণ গগৈৰ বৰ্ণিল জীৱন পৰিক্ৰমাৰ এই অংশ বিস্তাৰে ৰোমন্থন কৰিছে। ১৯৯৩ চনত তেওঁ বিনোদ মেহতাৰ সম্পাদিত ইংৰাজী দৈনিক ‘দ্যা পায়নিযাৰ’ৰ সাংবাদিক আছিল আৰু তেওঁক নতুনকৈ গঠিত ফুড প্ৰচেছিং মন্ত্ৰণালয়ৰ বাতৰি সংগ্ৰহ কৰাৰ দায়িত্ব প্রদান কৰা হৈছিল। সেই সময়ত এছিয়াড ভিলেজৰ অস্থায়ী কাৰ্যালয়ৰ পৰা মন্ত্ৰণালয় পৰিচালিত হৈছিল।
ৰয় চৌধৰীয়ে কয় – ‘কেন্দ্ৰীয় মন্ত্ৰী তৰুণ গগৈয়ে বিহাৰ কেডাৰৰ আই এ এছ বিষয়া মন্ত্ৰণালয়ৰ যুটীয়া সচিব চি কে বসুৰ সহযোগত উৎকৃষ্ট কাম কৰিবলৈ সক্ষম হৈছিল। দুয়ো এক প্ৰকাৰ হাতত ধৰি পেপচি, ডেলমণ্টে আৰু কেএফচিক ভাৰতলৈ আনিছিল। ঠিক তেনেদৰে প্ৰধানমন্ত্ৰী মোৰাৰজি দেশাই আৰু উদ্যোগ মন্ত্ৰী জৰ্জ ফাৰ্নেণ্ডেজে ১৯৭৭ চনত পুলিয়ে পঘাই খেদি পঠিওৱা কোকা-কোলাকো দেশলৈ পুনৰ আনিছিল গগৈয়ে। ৰয় চৌধৰীৰ মতে ভাৰতীয় বজাৰত এক চমক প্রদান কৰিবলৈ সক্ষম হৈছিল গগৈ আৰু বসুৰ যুটিয়ে।