সৰ্বত্ৰ এতিয়া কোৰোণাৰ সন্ত্ৰাস, ৰাজ্য চৰকাৰলৈ বিশেষ আহ্বান প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ

News18 Assam | News18-Assam
Updated:April 9, 2020, 6:58 PM IST
সৰ্বত্ৰ এতিয়া কোৰোণাৰ সন্ত্ৰাস, ৰাজ্য চৰকাৰলৈ বিশেষ আহ্বান প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ
কোৰোণা ভাইৰাছ মহাসংক্ৰমণ আৰু লক ডাউনৰ সময়ছোৱাত ৰাজ্য চৰকাৰলৈ কেতবোৰ আহ্বান জনালে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে

কোৰোণা ভাইৰাছ মহাসংক্ৰমণ আৰু লক ডাউনৰ সময়ছোৱাত ৰাজ্য চৰকাৰলৈ কেতবোৰ আহ্বান জনালে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে

  • Share this:
কোৰোণা ভাইৰাছ মহাসংক্ৰমণ আৰু লক ডাউনৰ সময়ছোৱাত ৰাজ্য চৰকাৰলৈ কেতবোৰ আহ্বান জনালে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৷ আহ্বান কৰিলে সৰ্বদলীয় বৈঠকৰ ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈয়ে ক'লে, “বৰ্তমান উদ্ভৱ হোৱা জটিল পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিবলৈ চৰকাৰে অনতিপলমে এখন সৰ্বদলীয় বৈঠক অনুষ্ঠিত কৰক।”

সৰ্বদলীয় বৈঠকৰ আহ্বান জনাই গগৈয়ে ৰাজ্য চৰকাৰক এক সামূহিক আঁচনি ল'বলৈ অনুৰোধ জনালে ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈয়ে ক'লে, “দৈনিক মজদুৰ ,কৃষক, শ্ৰমিক,পশুপালক, মীনপালক, চাহ মজদুৰ, ঠেলাৱালা, ৰিক্সাৱালা আদিৰ লগতে দুখীয়া-দৰিদ্র সীমাৰেখাৰ লোকসকলৰ সাহায্যৰ বাবে ৰাজ্য চৰকাৰে অনতিপলমে গ্রহণ কৰক এখন 'সম্পূর্ণ আঁচনি'।”

“ৰাজ্যখনে সন্মুখীন হ'বলগীয়া সম্ভাব্য অৰ্থনৈতিক সংকটৰ মুখামুখি হোৱাৰ বাবে চৰকাৰে ৰাজ্যখনৰ লগতে দেশৰ বিভিন্ন ক্ষেত্রৰ বিশেষজ্ঞ সকলৰ লগত বিশদ আলোচনা কৰি এখন "Action Plan'' প্ৰস্তুত কৰক ৷ সম্ভাব্য অৰ্থনৈতিক সংকটৰ মোকাবিলা কৰিবলৈ অসম চৰকাৰৰ কৃষি বিভাগ, পশুপালন বিভাগ, যোগান বিভাগ আদিয়ে যিধৰণৰ ক্ষিপ্রতাৰে  যাৱতীয় ব্যৱস্থা আৰু আঁচনি গ্রহণ কৰিব লাগিছিল তাক গ্রহণ কৰাত ব্যর্থ হৈছে।’ এইদৰে মন্তব্য আগবঢ়াই প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে।
Published by: Himangshu Bhuyan
First published: April 9, 2020, 6:54 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading