প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সন্মানজনক ভাৱে পদবীত অধিস্থিত কৰাৰ বাবে কেন্দ্ৰীয় নেতৃত্বই ইতিমধ্যে বহুবাৰ তেওঁৰ সৈতে আলোচনা কৰিছে ৷ যথা সময়ত তেওঁক সন্মাজনক পদত অধিস্থিত কৰিব কেন্দ্ৰীয় নেতৃত্বই ৷ এই কথা শুকুৰবাৰেে সদৰি কৰে লোকসভাৰ সাংসদ দিলীপ শইকীয়াই ৷
এইক্ষেত্ৰত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও নিজৰ মনৰ কথা কেন্দ্ৰীয় নেতৃত্বক জনাইছে বুলি কয় দিলীপ শইকীয়াই ৷ সেই হিচাপত কেন্দ্ৰীয় নেতৃত্বই চূড়ান্ত সিদ্ধান্তত চীল-মোহৰ মাৰিব ৷ শইকীয়াই লগতে কয় যে ৰাজ্য সভাৰ আসন এখন খালী আছে ৷ সেইখনৰ কথাটোও আছে ৷ বিষয়বোৰ কেন্দ্ৰীয় নেতৃত্ব আৰু প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে আলোচনা কৰি সিদ্ধান্ত ল'ব ৷