• Home
  • »
  • News
  • »
  • assam
  • »
  • কেবিনেট মন্ত্ৰী হিচাপে শপত ল'লে ৰণজিত দাসে, ৰাজ্যিক বিজেপিৰ সভাপতি হ'ব নেকি প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল?

কেবিনেট মন্ত্ৰী হিচাপে শপত ল'লে ৰণজিত দাসে, ৰাজ্যিক বিজেপিৰ সভাপতি হ'ব নেকি প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল?

বিভিন্ন মহলত চৰ্চা চলা মতে, হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিছত সদ্য প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকো বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই এতিয়া উচিত সন্মান যাচিবলৈ প্ৰস্তুতি চলাইছে।

  • Share this:
আজি ৰাজ্যৰ ১৫ সংখ্যক মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিত দাসে কেবিনেট মন্ত্ৰী হিচাপে পাঠ কৰিলে শপতবাক্য। ৰণজিত দাস কেবিনেট মন্ত্ৰী হোৱাৰ পিছতে এতিয়া ৰাজ্যিক বিজেপিৰ সভাপতিৰ আসনখনকলৈ চলিছে ব্যাপক চৰ্চা। একাংশই কোৱা মতে, প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল হ'ব ৰাজ্যিক বিজেপিৰ পৰৱৰ্তী সভাপতি।

বিভিন্ন মহলত চৰ্চা চলা মতে, হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিছত সদ্য প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকো বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই এতিয়া উচিত সন্মান যাচিবলৈ প্ৰস্তুতি চলাইছে। আনহাতে সৰ্বানন্দ সোণোৱালেও অসমতে থাকি ৰাইজৰ সেৱা আগবঢ়োৱাৰ ইচ্ছা প্ৰকাশ কৰিছে। গতিকে তেনেস্থলত ৰণজিত দাসৰ ঠাইত কেন্দ্ৰীয় নেতৃত্বই সৰ্বানন্দ সোণোৱালক ৰাজ্যিক বিজেপিৰ পৰৱৰ্তী সভাপতিৰ দায়িত্ব দিয়াৰ চিন্তা-চৰ্চা কৰিছে বুলি খবৰ ওলাইছে।

আনহাতে ৰাজ্যিক বিজেপিৰ সভাপতি হিচাপে সৰ্বানন্দ সোণোৱালৰ ৰেকৰ্ড অত্যন্ত ভাল। সৰ্বানন্দ সোণোৱালৰ নেতৃত্বতে ২০১৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে প্ৰথমবাৰলৈ অসমত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছিল। সেইদৰে ২০১৬ চনৰ বিধানসভা নিৰ্বাচনতো সৰ্বানন্দ সোণোৱালৰ নেতৃত্বতে বিজেপিৰ ঈৰ্ষণীয় সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল। গতিকে সকলো দিশ চালি জাৰি চাই কেন্দ্ৰীয় নেতৃত্বই ৰাজ্যিক বিজেপিৰ পৰৱৰ্তী সভাপতিৰ দায়িত্ব সৰ্বানন্দ সোণোৱালৰ হাততে অৰ্পণ কৰিব বুলি চৰ্চা চলিছে। পিছে সময়তে স্পষ্ট হৈ পৰিব সকলো কথা!
Published by:Himangshu Bhuyan
First published: