মুখ্যপৃষ্ঠা »খবৰ »অসম »ক্ৰমাৎ সুস্থ হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত । সামান্য সুস্থ হৈয়েই আশীৰ্বাদ ল'লেগৈ ৯৮ বছৰীয়া পিতৃ দেৱকান্ত মহন্তৰ।

ক্ৰমাৎ সুস্থ হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত । সামান্য সুস্থ হৈয়েই আশীৰ্বাদ ল'লেগৈ ৯৮ বছৰীয়া পিতৃ দেৱকান্ত মহন্তৰ।

শৰীৰত অক্সিজেনৰ পৰিমাণ হ্ৰাস পাই দুৰ্বল হৈ পৰিছিল যদিও শেহতীয়াভাৱে অক্সিজেন লেভেল সুস্থিৰ হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ।

  • Share this:
সামান্য ভাৱে সুস্থ হৈছে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত। শৰীৰত অক্সিজেনৰ পৰিমাণ হ্ৰাস পাই দুৰ্বল হৈ পৰিছিল যদিও শেহতীয়াভাৱে অক্সিজেন লেভেল সুস্থিৰ হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ।

গুৱাহাটীৰ ডাউন টাউন হস্পিতালত চিকিৎসাধীন হৈ ক্ৰমাৎ সুস্থ হোৱা প্ৰফুল্ল কুমাৰ মহন্তই দেওবাৰে চিকিৎসালয়ৰ পৰা ৰিলিজ লৈ দিশপুৰৰ চৰকাৰী আৱাসগৃহতে জিৰণি লয়। তুলনামূলকভাৱে দুৰ্বল হৈ থকা প্ৰফুল্ল কুমাৰ মহন্তই কেইদিনমান জিৰণিৰ পিছতেই কলিয়াবৰৰ নিজ বাসগৃহলৈ গৈ ৯৮ বছৰীয়া সত্ৰাধিকাৰ পিতৃ দেৱকান্ত মহন্তৰ লগতে পৰিয়ালৰ লোকক সাক্ষাৎ কৰে। পিতৃ দেৱকান্ত মহন্তৰ আশীৰ্বাদ লয় প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে।

সম্পূৰ্ণৰূপে সুস্থ হৈ থকা দেৱকান্ত মহন্ত হ'ল কলিয়াবৰৰ ৰূপনাৰায়ণ খামুচিয়া সত্ৰৰ সত্ৰাধিকাৰ। ইফালে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ দ্ৰুত আৰোগ্য কামনা কৰিছে মুখ্যমন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মাই।

শেহতীয়া বাতৰি