‘ডাঙৰ মাছে সৰু মাছ খাবই, দুখ কৰি লাভ নাই’- তৰুণ গগৈয়ে আগবঢ়োৱা মিত্ৰতাৰ প্ৰস্তাৱলৈও চৰ্ত সাপেক্ষে সমৰ্থন আগবঢ়াব বুলি ক’লে প্ৰফুল্ল মহন্তই

News18 Assam | News18-Assam
Updated:June 18, 2020, 4:37 PM IST
‘ডাঙৰ মাছে সৰু মাছ খাবই, দুখ কৰি লাভ নাই’- তৰুণ গগৈয়ে আগবঢ়োৱা মিত্ৰতাৰ প্ৰস্তাৱলৈও চৰ্ত সাপেক্ষে সমৰ্থন আগবঢ়াব বুলি ক’লে প্ৰফুল্ল মহন্তই
দিছপুৰ প্ৰেছ ক্লাবত সংবাদমেল সম্বোধন কৰি ৰাজ্যৰ ৰাজনীতি সন্দৰ্ভত মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ বিশেষ মন্তব্য

দিছপুৰ প্ৰেছ ক্লাবত সংবাদমেল সম্বোধন কৰি ৰাজ্যৰ ৰাজনীতি সন্দৰ্ভত মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ বিশেষ মন্তব্য

  • Share this:
দিছপুৰ প্ৰেছ ক্লাবত সংবাদমেল সম্বোধন কৰি ৰাজ্যৰ ৰাজনীতি সন্দৰ্ভত মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ বিশেষ মন্তব্য। সংবাদমেলত মহন্তই কয় যে, ‘আঞ্চলিক শক্তি অবিহনে ৰাজ্যৰ উন্নয়ন অসম্ভৱ। তৰুণ গগৈয়ে ৰাষ্ট্ৰীয় চিন্তাধাৰা সলনি কৰি আঞ্চলিকতাবাদ কৰিলে সমৰ্থন কৰিম।’

মহন্তই আনকি ‘ডাঙৰ মাছে সৰু মাছ খাবই, দুখ কৰি লাভ নাই’ বুলি কৈও আওপকীয়াকৈ কটাক্ষ কৰিলে অগপ নেতৃত্বক। এই সন্দৰ্ভত মহন্তই কয় যে, ‘ পূৰ্বৰে পৰাই মই সকীয়াই আহিছো ৷ আঞ্চলিক শক্তিক একত্ৰিত কৰাৰ প্ৰক্ৰিয়া এতিয়াও প্ৰাৰম্ভিক অৱস্থাতেই আছে ৷ এতিয়াই মন্তব্য কৰা অনুচিত।’

উল্লেখযোগ্য যে, বুধবাৰে সংবাদমেল সম্বোধন কৰি বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত তৰুণ গগৈয়ে প্ৰফুল্ল মহন্তৰ পৰাও বিচাৰিছিল সমৰ্থন।
First published: June 18, 2020, 4:36 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading