
১৯৮৫ চনৰ অসম গণ পৰিষদ চৰকাৰৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই মুখ্যমন্ত্ৰী হোৱাৰ পিছতেই মঙলদৈৰ ৭৪০ টা খিলঞ্জীয়া পৰিয়ালক ভূমি প্ৰদান কৰি বসবাস কৰাৰ ব্যৱস্থা কৰি দিছিল। সেই লোকসকলে মৰমৰ চিন স্বৰূপে তেওঁৰ নামেৰে নগৰখনৰ নামাকৰণ কৰিছিল।
১৯৮৫ চনৰ অসম গণ পৰিষদ চৰকাৰৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই মুখ্যমন্ত্ৰী হোৱাৰ পিছতেই মঙলদৈৰ ৭৪০ টা খিলঞ্জীয়া পৰিয়ালক ভূমি প্ৰদান কৰি বসবাস কৰাৰ ব্যৱস্থা কৰি দিছিল। সেই লোকসকলে মৰমৰ চিন স্বৰূপে তেওঁৰ নামেৰে নগৰখনৰ নামাকৰণ কৰিছিল।
সোমবাৰে মঙলদৈৰ প্ৰফুল্ল নগৰত উপস্থিত হয় ৰাজ্যৰ প্ৰাক্তন মুখ্য মন্ত্ৰী ড: প্ৰফুল্ল কুমাৰ মহন্ত। প্ৰফুল্ল নগৰৰ ৩৫ বছৰ পূৰ্ণ হোৱা উপলক্ষে অনুষ্ঠিত কৰা সভাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বহু সংখ্যক লোকে অংশগ্ৰহণ কৰে।
১৯৮৫ চনৰ অসম গণ পৰিষদ চৰকাৰৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই মুখ্যমন্ত্ৰী হোৱাৰ পিছতেই মঙলদৈৰ ৭৪০ টা খিলঞ্জীয়া পৰিয়ালক ভূমি প্ৰদান কৰি বসবাস কৰাৰ ব্যৱস্থা কৰি দিছিল । সেই লোকসকলে মৰমৰ চিন স্বৰূপে তেতিয়াই তদানীন্তন মুখ্যমন্ত্ৰীগৰাকীৰ নামেৰে নগৰ খনৰ নামাকৰণ কৰিছিল | নগৰ খনৰ ৩৫ বছৰ পূৰ্ণ হোৱা বাবেই গাঁওবাসীয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীক আমন্ত্ৰণ জনাইছিল। প্ৰফুল্ল নগৰবাসীৰ আমন্ত্ৰণ ৰক্ষা কৰি সোমবাৰে পুত্ৰ পত্নী সহ অঞ্চলটোত গৈ উপস্থিত হৈছিল ড: প্ৰফুল্ল কুমাৰ মহন্ত। সোমবাৰৰ সৰ্বাংগসুন্দৰ সভাত ৰূপকোঁৱৰ মইনা পাৰিজাতৰ কৰ্মকৰ্তা সকলৰ লগতে মঙলদৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ কমলাকান্ত বৰা, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিধায়ক পৰমানন্দ ৰাজবংশী , সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ শৰ্মা, মঙলদৈ সমষ্টিৰ প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাস, অগপৰ প্ৰাক্তন বিধায়ক হীৰেন দাস, জিলা অগপৰ সভাপতি তথা সম্পাদক কমলেশ্বৰ বৰুৱা , স্বৰাজ ডেকা , অসম আন্দোলনৰ অগ্ৰণী নেতা গিৰিশ কলিতা, পংকজ শৰ্মা আদি বহু গণ্য মান্য ব্যক্তি উপষ্ঠিত আছিল।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|