২০২১ত কোন কোন হাইপ্ৰফাইল অগপ নেতাই হেৰুৱাব সমষ্টি? 

News18 Assam | News18-Assam
Updated:January 8, 2020, 5:52 PM IST
২০২১ত কোন কোন হাইপ্ৰফাইল অগপ নেতাই হেৰুৱাব সমষ্টি? 
Source-Google

বহুকেইজন অগপ নেতাৰ পাখি কাটিবলৈ সাজু বীগব্ৰাডাৰ বিজেপি ৷ তিনি অগপ নেতাক সমষ্টি এৰি নিদিয়াতো নিশ্চিত ৷

  • Share this:
এজন দুজন নহয় ৰাজ্যৰ প্ৰধান আঞ্চলিক দল অসম গণ পৰিষদৰ তিনি নেতাক লৈ ক্ষুব্ধ বিজেপি ৷ বিজেপিৰ প্ৰথম টাৰ্গেট প্ৰফুল্ল কুমাৰ মহন্ত ৷ চাৰি জানুৱাৰীত খানাপাৰাত হোৱা সভাত প্ৰফুল্ল কুমাৰ মহন্তক তীব্ৰ সমালোচনা কৰি ২১ৰ নিৰ্বাচনত মহন্ত পৰাজিত হ'ব বুলি কৈ এই ইংগিত দি থৈছে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

প্ৰফুল্ল কুমাৰ মহন্তৰ দখলত থকা বঢ়মপুৰ সমষ্টিত দীৰ্ঘদিন ধৰি বাহৰ পাতি থকা বিজেপি নেতাক বঢ়মপুৰত প্ৰক্ষেপ কৰিব বুলি চলিি আছে ব্যাপক চৰ্চা ৷ একেদৰে সমষ্টি হেৰুৱাব তেজপুৰৰ বিধায়ক বৃন্দাৱন গোস্বামীয়েও ৷ ২০১৬ৰ নিৰ্বাচনত প্ৰয়াত ৰাজেন বৰঠাকুৰে সমষ্টিটো ত্যাগ কৰিছিল বৃন্দাৱন গোস্বামীৰ বাবে ৷ শেহতীয়াকৈ বৃন্দাৱন গোস্বামীৰ প্ৰতিও নাৰাজ বিজেপি ৷ সমষ্টিটোত দীৰ্ঘদিন ধৰি লাগি থকা ঋতুবৰণ শৰ্মাক দলে প্ৰদান টিকট প্ৰদান কৰিব বুলি চলিছে চৰ্চা ৷

টাৰ্গেটত আছে পাটাছাৰকুছিৰ বিধায়ক পবীন্দ্ৰ ডেকাও ৷ পবীন্দ্ৰ ডেকাক বঞ্চিত কৰিবলৈকে অগপক সমষ্টিটো এৰি নিদিয়ে বিজেপিয়ে ৷ পাটাছাৰকুছি সমষ্টিত বিজেপি নেতা জয়ন্ত মল্ল বৰুৱাই ২০২১ৰ নিৰ্বাচনত টিকট লাভ কৰিব চৰ্চা চলিছে বিজেপিৰ ভিতৰচ'ৰাত ৷ বিজেপিৰ টাৰ্গেটত আছে অগপৰ দখলত থকা লখিমপুৰ আৰু নাহৰকটীয়া সমষ্টিও ৷ 
আৰু চাওক
পৰৱৰ্তী বাতৰি