মুখ্যপৃষ্ঠা »খবৰ »অসম »মহানগৰীৰ ডাউন টাউন হাস্পতালত চিকিৎসাধীন প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, কি ক'লে চিকিৎসকে?

মহানগৰীৰ ডাউন টাউন হাস্পতালত চিকিৎসাধীন প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, কি ক'লে চিকিৎসকে?

গেষ্ট্ৰিকৰ সমস্যাত ভুগিছে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী

গেষ্ট্ৰিকৰ সমস্যাত ভুগিছে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী

গেষ্ট্ৰিকৰ সমস্যাত ভুগিছে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী

  • Share this:
প্ৰাক্তন মুখ্যমন্ত্ৰী মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক শুৰুৰবাৰে নিশা মহানগৰীৰ ডাউন টাউন হাস্পতালত ভৰ্তি কৰোৱা হয়। গেষ্ট্ৰিকৰ সমস্যাত ভুগিছে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী। অৱশ্যে সম্প্ৰতি প্ৰফুল্ল কুমাৰ মহন্ত সংকট মুক্ত বুলি নিউজ১৮ক জনাইছে হাস্পতাল কৰ্তৃপক্ষই।

চিকিৎসালয়তে নিয়মীয়া ভাৱে খাদ্য গ্ৰহণ কৰি আছে বঢ়মপুৰ সমষ্টিৰ বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তই। প্ৰফুল্ল কুমাৰ মহন্তক চিকিৎসা প্ৰদান কৰি থকা চিকিৎসক ডা: মানবেন্দ্ৰ নায়কে জনোৱা মতে, দেওবাৰে চিকিৎসালয়ৰ পৰা ৰিলিজ দিব প্ৰফুল্ল কুমাৰ মহন্তক।

শনিবাৰে চিকিৎসালয়ত প্ৰফুল্ল কুমাৰ স্বাস্থ্যৰ বুজ লৈছিল বহুজনে। প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ স্বাস্থ্যৰ বুজ লোৱা অসম আন্দোলন সংগ্ৰামী মঞ্চৰ মুখ্য আহ্বায়ক প্ৰণৱ গোস্বামীয়েও চিন্তাৰ কোনো কাৰণ নাই বুলি সংবাদ মাধ্যমক জনাইছে। উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে হৃদৰোগত আক্ৰান্ত হৈ ডাউন টাউন হস্পিতালতে চিকিৎসাধীন হৈ আছিল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী।

শেহতীয়া বাতৰি