তিনিবাৰৰ মুখ্যমন্ত্ৰী, ৬ বাৰকৈ সাংসদ, তৰুণ গগৈৰ বৰ্ণিল ৰাজনৈতিক জীৱন পৰিক্ৰমা

১৯৬৭ চনতে ৰাজনীতিলৈ আহিছিল গগৈ।
১৯৬৭ চনতে ৰাজনীতিলৈ আহিছিল গগৈ।
- News18 Assam
- Last Updated: November 23, 2020, 6:21 PM IST
অসমৰ ৰাজনীতিত এক দীঘলীয়া পৰিক্ৰমা অতিক্ৰম কৰিছে তৰুণ গগৈয়ে। ১৯৬৭ চনতে ৰাজনীতিলৈ আহিছিল গগৈ। চাওক তৰুণ গগৈৰ ৰাজনৈতিক জীৱন পৰিক্ৰমা।
>> ১৯৬৭ চনত সদৌ ভাৰত কংগ্ৰেছ (ই) কমিটীৰ যুটীয়া সম্পাদক।
>> ১৯৭১ চনত ৫ম লোকসভালৈ নিৰ্বাচিত।
>> ১৯৭৭ চনত ৬ষ্ঠ লোকসভালৈ নিৰ্বাচিত।
>> ১৯৮৩ চনত সদৌ ভাৰত কংগ্ৰেছ (ই) কমিটীৰ যুটীয়া সম্পাদক।
>> ১৯৮৫ চনত সদৌ ভাৰত কংগ্ৰেছ (ই) কমিটীৰ সাধাৰণ সম্পাদক নিৰ্বাচিত।
>> ১৯৮৬-৯০ চনলৈ অসম প্ৰদেশ কংগ্ৰেছ (ই) কমিটীৰ সভাপতি।
>> ১৯৯১ চনত ১০ম লোকসভালৈ নিৰ্বাচিত।
>> ১৯৯১-১৯৯৩ চনলৈ কেন্দ্ৰীয় চৰকাৰৰ খাদ্য দপ্তৰৰ ৰাজ্যিক (স্বতন্ত্ৰ) মন্ত্ৰী।
>> ১৯৯৩-১৯৯৫ চনলৈ কেন্দ্ৰীয় চৰকাৰৰ Food Processing Industry দপ্তৰৰ ৰাজ্যিক (স্বতন্ত্ৰ) মন্ত্ৰী।
>> ১৯৯৭ চনত অসম বিধান সভালৈ বিধায়কৰূপে নিৰ্বাচিত হয়।
>> ১৯৯৮ চনত দ্বাদশ লোকসভালৈ কলিয়াবৰ সমষ্টিৰ পৰা নিৰ্বাচিত আৰু বিধায়ক পদ ত্যাগ কৰে।
>> ১৯৯৯ চনত ত্ৰয়োদশ লোকসভালৈ কলিয়াবৰ সমষ্টিৰ পৰা নিৰ্বাচিত হয়।
>> ১৯৯৮-৯৯ চনলৈ কমিটী অৱ গৱৰ্ণমেণ্ট এচুৰেঞ্চৰ সদস্য।
>> ২০০১ চনৰ ১৮ মে’ত অসমৰ মুখ্যমন্ত্ৰী ৰূপে দায়িত্বভাৰ গ্ৰহণ কৰে।
>> ২০০৬ চনৰ মে’ত তিতাবৰ বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচিত আৰু দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী ৰূপে দায়িত্বভাৰ গ্ৰহণ কৰে।
>> ২০১১ চনৰ মে’ত তিতাবৰ বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচিত আৰু তৃতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী ৰূপে দায়িত্বভাৰ গ্ৰহণ।
২০১৬ চনৰ মে’ত তিতাবৰ বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচিত আৰু মুখ্যমন্ত্ৰী পদৰ পৰা অব্যাহতি।