‘মোক মানুহে এনেদৰে গালি পৰা নাছিল দেই’, হিমন্ত–সৰ্বানন্দৰ কবলৰ পৰা বচাব লাগিব অসমঃ তৰুণ গগৈ

News18 Assam | News18-Assam
Updated:December 20, 2019, 5:28 PM IST
‘মোক মানুহে এনেদৰে গালি পৰা নাছিল দেই’, হিমন্ত–সৰ্বানন্দৰ কবলৰ পৰা বচাব লাগিব অসমঃ তৰুণ গগৈ
Source-Google

জ্বলা জুইত ঘিউ ঢালিছে হীমন্ত বিশ্ব শৰ্মাইঃ তৰুণ গগৈ

  • Share this:
দেশজুৰি নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ চলিথকাৰ সময়তে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ ৰাজ্যিক কাৰ্যালয় ‘ৰাজীৱ ভৱন’ত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সংবাদমেল। সংবাদমেলত তৰুণ গগৈয়ে ৰাজ্যৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰে। তৰুণ গগৈয়ে কয় যে, ‘অসমবাসীয়ে মুখ্যমন্ত্ৰী, চৰকাৰৰ ওপৰত আস্থা হেৰুৱাইছে। ফলত আজি  নিজকে বিশ্বাস কৰিবলৈ ৰাইজক অনুৰোধ জনাবলগীয়া হৈছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ৰাইজক উপেক্ষা আৰু অপমানিত কৰা কাৰণে ৰাইজ জগিছে। জ্বলা জুইত ঘিউ ঢালিছে হিমন্ত বিশ্ব শৰ্মাই।’

তৰুণ গগৈয়ে লগতে কয় যে, ‘ৰাজ্য চৰকাৰে ৰাইজৰ সাংবিধানিক অধিকাৰ খৰ্ব কৰিছে। বিজেপিয়ে বিভাজনৰ চেষ্টা কৰিলেও সফল নহয় কাৰণ অসমৰ মানুহ সাম্প্ৰদায়িক নহয়। ধৰ্মই ভাগ কৰে কিন্তু ভাষাই মানুহক এক কৰে।’

সংবাদমেলত তৰুণ গগৈৰ বিশেষ মন্তব্য

এতিয়া সোণোৱাল কেনেকৈ কৈছে যে মাত্ৰ নগণ্য মানুহ আছে বুলি? কিন্তু IMDT বাতিলৰ সময়ত সৰ্বানন্দ সোণোৱালে অসমত লাখ লাখ বিদেশী আছে বুলি শপতনামা দিছিল।

পূৰ্বৰ CABখনত ধৰ্মীয় নিৰ্যাতনৰ কথা আছিল। কিন্তু এতিয়াৰ CAAত নাই  কোনো ধৰ্মীয় উৎপীড়নৰ কথা।

অসমত CAA বিৰোধী আন্দোলনত  দুস্কৃতিকাৰী আছে বুলি কৈছে মুখ্যমন্ত্ৰীয়ে। কিন্তু কোন দুস্কৃতিকাৰী? আছু, AJYCP, সাহিত্যিক, শিল্পী দুষ্কৃতিকাৰী নেকি?

বিজেপিৰ মতে, CAAৰ বিৰুদ্ধে আন্দোলন কৰা কোনেও আইনখনৰ বিষয়ে একো নাজানে কেৱল সোণোৱাল, হিমন্ত আৰু কেইজনমান মন্ত্ৰীয়েহে জানে। যদি অসমৰ মানুহক বুৰ্বক বুলি ভাবি লৈছে, তেন্তে তেওঁলোকে মুৰ্খৰ স্বৰ্গত বাস কৰিছে।

‘মোৰ দিনত এনে আন্দোলন হোৱা নাছিল। মই ইমান বেয়া কাম কৰা নাছিলো। মোক মানুহে ইমান লেই লেই ছেই ছেই কৰা নাছিল। আমি ভাৰত বছাও আন্দোলন আৰম্ভ কৰিছো।’

অসমক সোণোৱাল আৰু হিমন্তৰ পৰা বচাব লাগিব। অগপ দলকো সমালোচনা তৰুণ গগৈৰ। সদনত ভোট দি আদালতত গৈছে অগপ ।ক্ষমতাৰ লোভত বন্দী অগপ।
Published by: Himangshu Bhuyan
First published: December 20, 2019, 5:28 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading