মুখ্যপৃষ্ঠা »খবৰ »অসম »নিমন্ত্ৰণী পত্ৰ লাভ কৰিও ফিল্মফেয়াৰলৈ নগ’ল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ! কাৰণটো...

নিমন্ত্ৰণী পত্ৰ লাভ কৰিও ফিল্মফেয়াৰলৈ নগ’ল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ! কাৰণটো...

ৰাজ্য চৰকাৰলৈ ক্ষোভ গগৈৰ।

ৰাজ্য চৰকাৰলৈ ক্ষোভ গগৈৰ।

ৰাজ্য চৰকাৰলৈ ক্ষোভ গগৈৰ।

  • Share this:
প্ৰথম বাৰৰ বাবে মুম্বাইৰ বাহিৰত তথা অসমত অনুষ্ঠিত হৈছে ফিল্মফেয়াৰ এৱাৰ্ড ৷ ফিল্মফেয়াৰ এৱাৰ্ডকলৈ ৰঙীণ হৈ পৰিছে গুৱাহাটী ৷ এদিনৰ পূৰ্বৰ পৰা গুৱাহাটীত ভীৰ লাগিছে বলীউডৰ ৰথী–মহাৰথীৰ ৷ বলিউডৰ তাৰকা সকলক স্বচক্ষে চোৱাৰ কিমান যে হেঁপাহ প্ৰতিগৰাকী অনুৰাগীৰ!  অৱশ্যে এনে সুযোগ লাভ কৰিও অনুষ্ঠানলৈ নগ’লপ্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ৷ ফিল্মফেয়াৰলৈ নোযোৱাৰ কাৰণো ক’লে গগৈয়ে! গগৈৰ মতে, "বলীউডৰ তাৰকা আহিছে ভাল কথা, অনুষ্ঠান হওক, তাত আপত্তি নাই ৷ কিন্তু চৰকাৰী খৰছত ইমান ব্যয় বহুল অনুষ্ঠান ভাল নহয় ৷ তাতকৈ জনসাধাৰণৰ উন্নয়ণ কৰিব লগা বহুত কাম আছে ৷ কোনো প্ৰতিষ্ঠানে যদি নিজ খৰচত অসমত এনে অনুষ্ঠান আয়োজন কৰিলে হয় তেতিয়াহলে অনুষ্ঠানত অংশ গ্ৰহণ কৰিলো হয় ৷ কিন্তু চৰকাৰী খৰছত আয়োজন কৰা এনে অনুষ্ঠানলৈ মোৰ নৈতিক সমৰ্থন নাই ৷"

গগৈৰ মন্তব্য, "অসমৰ পৰ্যটন ক্ষেত্ৰলৈ পূৰ্বেও পৰ্যটক আহিছিল ৷ কিন্তু তেতিয়া আমি এতিয়াৰ ধৰণে বিজ্ঞাপনত ইমান বৃহৎ পৰিমাণৰ চৰকাৰী ধন ব্যয় কৰা নাছিলো ৷"

শেহতীয়া বাতৰি